মোদীক মহান নেতা আখ্যা! শীঘ্ৰেই ট্ৰাম্প আহিব ভাৰতলৈ…

Nov 07, 2025 | 9:25 PM

Donald Trump: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহান নেতা আখ্যা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ। ইয়াৰোপৰি ট্ৰাম্পে শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰাৰ ইংগিত দিয়ে। সম্ভৱতঃ নতুন বছৰত তেওঁ ভাৰতলৈ আহিব।

পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বন্ধু আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। তেওঁ কয় যে, মোদী মোৰ ভাল বন্ধু। প্ৰায়ে আমাৰ মাজত আলোচনা হয়। তেওঁ এজন মহান নেতা। ইয়াৰোপৰি সাংবাদিকৰ প্ৰশ্নত তেওঁ কয় যে, তেওঁ শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব পাৰে। উল্লেখ্য যে, আমেৰিকা আৰু ভাৰতৰ মাজত উত্তেজনাময় পূৰ্ণ সম্পৰ্কৰ মাজতে ট্ৰাম্পৰ এই মন্তব্য অতি গুৰুত্বপূৰ্ণ।

ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা ভাৰত-ৰাছিয়াৰ মাজত দূৰত্ব অনাৰ চেষ্টা কৰি আছে। কিন্তু এতিয়ালৈকে সফল হোৱা নাই। ট্ৰাম্পে ইতিমধ্যে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিছে। ইয়াৰ মাজতে ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ ইংগিতে যথেষ্ঠ গুৰুত্ব বহন কৰিছে। ইয়াৰ লগতে ট্ৰাম্পে কয় যে, ভাৰতে ৰাছিয়াৰ পৰা আমদানি সীমিত কৰিছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…