শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পুনৰ খঙত অগ্নিশৰ্মা শ্বেৰমান আলী, অভিযন্তাক অকথ্য গালি-গালাজ

পুনৰ খঙত অগ্নিশৰ্মা শ্বেৰমান আলী, অভিযন্তাক অকথ্য গালি-গালাজ

trishna-kalita
Trishna Kalita | Updated On: 17 Dec 2025 13:57 PM

তেওঁ কয়, "মুখ নুখুলিবি, তোক এনেকুৱা পিটন দিম নহয়, তোৰ ৩২টা দাঁত ভাগি দিম"। দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি খং উঠিল শ্বেৰমান আলীৰ। 

অভিযন্তাই কামত গাফিলতি কৰাৰ বাবে খঙত অগ্নিশৰ্মা বিধায়ক শ্বেৰমান আলী। বাঘবৰত ৰাজহুৱা স্থানতে এগৰাকী সহকাৰী অভিযন্তাক দিলে ধমক। তেওঁ কয়, “মুখ নুখুলিবি, তোক এনেকুৱা পিটন দিম নহয়, তোৰ ৩২টা দাঁত ভাগি দিম”। দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি খং উঠিল শ্বেৰমান আলীৰ।

চেঙাৰ মাজৰ চৰত পকী দলঙৰ আধাৰশিলা স্থাপন কৰিব আহি বিধায়ক গৰাকীয়ে বৰপেটাৰ এগৰাকী সহকাৰী অভিযন্তাৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ পৰে। SDO ক কনিষ্ঠ অভিযন্তা গৰাকীৰ বিৰুদ্ধে কৈফিয়ৎ তলৱ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে চাকৰিৰ পৰাও বৰ্খাস্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে, জুনিয়ৰ অভিযন্তা গৰাকীয়ে আধাৰশিলা স্থাপনৰ ঠাই নিৰূপণ কৰাত ভুল কৰিছিল। সবিশেষ ভিডিঅ’ত চাওক…