শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সদনত বিৰোধী বিধায়ক নথকা অৱস্থাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল: বিধায়ক ৰফিকুল ইছলাম

সদনত বিৰোধী বিধায়ক নথকা অৱস্থাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল: বিধায়ক ৰফিকুল ইছলাম

barasha-sarma
Barasha Sarma | Updated On: 26 Nov 2025 18:13 PM

Tiwari Commission: কালি অসম বিধানসভাত তিৱাৰী আয়োগৰ প্ৰতিলিপি দাখিল হয়। এই সময়চোৱাত বিৰোধী উপস্থিত নাছিল। যাৰ বাবে আজি সকলোৱে ইয়াৰ বিৰোধিতা কৰে। লগতে কয় যে, এনে ঘটনাৰ নজিৰ নাই।

বিৰোধী নথকা অৱস্থাত অসম বিধানসভাৰ মজিয়াত দাখিল তিৱাৰী আয়োগৰ প্ৰতিবেদন। ইয়াৰ পাছতে এই কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰে বিৰোধিয়ে। বিধায়ক ৰফিকুল ইছলামে কয় যে, বিৰোধী নথকা অৱস্থাত চৰকাৰে প্ৰতিবেদন দাখিল কৰিছে। ইয়াৰোপৰি এখন প্ৰতিবেদন দুখনকৈ দাখিল কৰাৰ নজিৰ নাই। ইয়াৰোপৰি দেৱব্ৰত শইকীয়া, আমিনুল ইছলাম আদি বিভিন্নজনে ইয়াৰ বিৰোধিতা কৰে।

উল্লেখ্য যে কালি অসম বিধানসভাত চৰকাৰে তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰে। এই সময়চোৱাত বিৰোধী উপস্থিত নাছিল। যাৰ বাবে এতিয়া বিৰোধিয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। এখন প্ৰতিবেদন দুবাৰকৈ দাখিল কৰাৰ নজিৰ নাই বুলি উল্লেখ কৰিছে। উল্লেখ্য যে, এই প্ৰতিবেদন প্ৰফুল্ল মহন্তৰ দিনত দাখিল কৰা হৈছিল।

সবিশেষৰ বাবে চাওক ভিডিঅ’…