শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বিচাৰিলে একপক্ষীয়ভাৱে ইচ্ছ্যু বনাব লাগিবঃ বিধায়ক আমিনুল ইছলাম

অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বিচাৰিলে একপক্ষীয়ভাৱে ইচ্ছ্যু বনাব লাগিবঃ বিধায়ক আমিনুল ইছলাম

barasha-sarma
Barasha Sarma | Published: 26 Nov 2025 18:20 PM

Aminul Islam:সমাগত বিধানসভা নিৰ্বাচন। ইতিমধ্যে ইয়াৰ বাবে প্ৰতিটো দলে নিজা নিজা প্ৰস্তুতি চলাইছে। ইয়াৰ মাজতে বিধায়ক আমিনুল ইছলামে কয় যে, বিজেপিয়ে এতিয়া একো বিচাৰি নাপাই হাতীগাঁৱক লক্ষ্য কৰি লৈছে।

বিধায়ক আমিনুল ইছলামে কয় যে, অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বিচাৰিলে একপক্ষীয়ভাৱে ইচ্ছ্যু বনাব লাগিব। ইয়াৰোপৰি তেওঁ কয় যে, অসমত যদি বিজেপি চৰকাৰ আহিব খোজে তেন্তে একপক্ষীয়ভাৱে ইচ্ছু বনাব লাগিব। কেতিয়াবা শৰাইঘাটৰ ৰণ, কেতিয়াবা মোগল খেদা, এতিয়া বেলেগ নাপাই হাতীগাঁও লক্ষ্য কৰি লৈছে।

উল্লেখ্যে যে, অসম বিধানসভা নিৰ্বাচন সমাগত। ২০২৬ চনৰ অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। ইয়াৰ পূৰ্বে ইতিমধ্যে প্ৰতিটো দলে প্ৰস্তুতি আৰম্ভ কৰিছে। বিজেপিয়ে প্ৰায়ে মিঞা সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লোৱা দেখা যায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে যে, তেওঁ থকালৈকে অসমত মিঞাই শান্তিত থাকিব নোৱাৰে। ইয়াৰোপৰি বিজেপিয়ে বহু বিস্ফোৰক মন্তব্য কৰি আহিছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’