শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মহাকুম্ভত কোনে খালে কিহৰ মাংস? চাওক Video...

মহাকুম্ভত কোনে খালে কিহৰ মাংস? চাওক Video…

barasha-sarma
Barasha Sarma | Published: 04 Feb 2025 20:31 PM

Mahakumbh 2025: মহাকুম্ভৰ পৰা সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ' সৰ্বত্ৰে তীব্ৰ চৰ্চা লাভ কৰিছে। দেখা গৈছে যে এজন সন্ন্যাসীয়ে এখন তম্বু ভাঙি পেলোৱাৰ লগতে বাচন-বৰ্তন দলিয়াই পেলাইছে।

সামাজিক মাধ্যমত মহাকুম্ভৰ পৰা ভাইৰেল হোৱা এটা ভিডিঅ’ই সৰ্বত্ৰে তীব্ৰ চৰ্চা লাভ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এজন সন্ন্যাসীয়ে একাংশলোকৰ সহযোগত এটা তম্বু ভাঙি পেলাইছে। লগতে ওচৰত থকা কিছুমান পাত্ৰ দলিয়াই দিছে। জানিব পৰা মতে এই পাত্ৰ কেইটাত আছিল মাংস। উল্লেখ্য যে, মহাকুম্ভৰ দৰে পবিত্ৰ স্থানত মাংস ৰন্ধাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মন কৰিবলগীয়া যে, মহাকুম্ভৰ লগতে সম্পূৰ্ণ প্ৰয়াগৰাজত মাছ-মাংস নিষিদ্ধ। তেনেস্থলত এহাল দম্পতীয়ে মাংস ৰান্ধি খোৱা ঘটনাকলৈ বিভিন্নজনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।