যুৱকৰ মনত পৰৱৰ্তী ৰাজা ৰঘুবংশী হোৱাৰ আশংকা! আৰক্ষীক জনালে এনে অনুৰোধ

Jun 15, 2025 | 10:37 PM

কিছুদিন পূৰ্বে মেঘালয়ত সংঘটিত হোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডই জোকাৰিছিল সমগ্ৰ দেশ। হানিমুনত মেঘালয়লৈ আহি পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈছিল ৰাজা ৰঘুবংশী নামৰ এই যুৱকজন। এতিয়া এগৰাকী যুৱকে নিজে পৰৱৰ্তী ৰাজা ৰঘুবংশী হোৱাৰ শংকা প্ৰকাশ কৰি আৰক্ষীৰ কাষ চাপিছে। এই ঘটনাই লগাইছে ব্যাপক চাঞ্চল্য।

মেঘালয়ত শেহতীয়াকৈ সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। এই ঘটনাত প্ৰাণ হেৰুৱাইছিল  মধ্যপ্ৰদেশৰ এজন যুৱকে। হানিমুনত মেঘালয়লৈ আহি পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈছিল ৰাজা ৰঘুবংশী নামৰ এই যুৱকজন। ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশীৰ বিবাহ হৈছিল সোণমৰ সৈতে। বিবাহৰ পিছত হানিমুনৰ বাবে দুয়ো আহিছিল মেঘালয়লৈ। এই সময়তে ৰাজা ৰঘুবংশীক সুপৰিকল্পিতভাৱে হত্যা কৰালে সোণমে। তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই এই সমগ্ৰ পৰিকল্পনা বাস্তৱায়িত কৰাত সহায় কৰিছিল। এই ঘটনাৰ পিছতে সমগ্ৰ দেশতে বিয়পি পৰিছে চাঞ্চল্য। এতিয়া মধ্যপ্ৰদেশৰে এগৰাকী যুৱকৰ পৰা আহিছে এক কৰুণ অনুৰোধ।

ৰাজ্যখনৰ ছাত্ৰপুৰ জিলাৰ বাসিন্দা বিকাশ পাটেৰিয়া নামৰ এজন যুৱকে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ প্ৰাণৰ সুৰক্ষাৰ বাবে অনুৰোধ জনায়। কি কাৰণত তেওঁ আৰক্ষীৰ ওচৰত এনে অনুৰোধ জনাবলগা হ’ল, জানো আহক।