LPG Free Connection: ২৫ লাখ লোকে পাব LPG ৰ বিনামূলীয়া সংযোগ…
LPG free connection: দুৰ্গাপূজাৰ পূৰ্বে কেন্দ্ৰ চৰকাৰে দিছে এক ভাল খবৰ। ২৫ লাখ লোকে লাভ কৰিব এল পি জিৰ বিনামূলীয়া সংযোগ। প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব।
দুৰ্গাপূজাৰ পূৰ্বে দেশৰ লাখ লাখ লোকৰ বাবে এক ডাঙৰ খবৰ। কেন্দ্ৰ চৰকাৰে ২৫ লাখ লোকলৈ বিনামূলীয়া এল পি জিৰ সংযোগ প্ৰদান কৰিব। ইয়াৰ পাছতে দেশত বিনামূলীয়া এল পি জিৰ সংযোগ লাভ কৰাৰ সংখ্যা ১০.৫৮ কোটিলৈ বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ অধীনত এই সংযোগ দিব চৰকাৰে। বৰ্তমান ১০ কোটিৰো অধিক লোকে দেশত এই সংযোগ লাভ কৰে।
শেহতীয়াকৈ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে। ঘোষণা অনুসৰি নতুনকৈ ২৫ লাখ সংযোগ দিয়া হ’ব। বৰ্তমান ১০ কোটিৰো অধিকৰ ঘৰত এই সংযোগ আছে। গতিকে যিসকলৰ ঘৰত এল পি জিৰ সংযোগ নাই সেইসকলৰ বাবে এই আঁচনি বিশেষ ফলপ্ৰসূ হ’ব বুলি ক’ব পাৰি।