শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
এয়া কি! শুই থকা ব্যক্তিৰ ওপৰতে উঠিল সিংহ, চকু থিৰ নেটিজেনৰ…

এয়া কি! শুই থকা ব্যক্তিৰ ওপৰতে উঠিল সিংহ, চকু থিৰ নেটিজেনৰ…

monjit-dutta
Monjit Dutta | Published: 09 Jun 2025 21:50 PM

সামাজিক মাধ্যম প্লেটফৰ্ম এক্সত ব্যাপক ৰূপত ভাইৰেল হৈছে এই ভিডিঅ’। ভিডিঅ’টোত এটা সিংহ পথত ঘূৰি ফুৰা দেখা গৈছে। এই পথটোৰ এটা চুকতে দোকান এখনৰ সমুখতে শুই আছে এজন ব্যক্তি। শুই থকা মানুহজনৰ সন্মুখত হঠাতে সিংহটো উপস্থিত হয়। ইয়াৰ পিছৰ দৃশ্যই আচৰিত কৰি তুলিছে সকলোকে।

সামাজিক মাধ্যমত সম্প্ৰতি যথেষ্ট ভাইৰেল হৈ পৰিছে এক ভিডিঅ’। ভাইৰেল এই ভিডিঅ’টোত পথৰ কাষতে শুই থকা এগৰাকী ব্যক্তিৰ কাষতে এটা সিংহ আকস্মিকভাৱে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যম প্লেটফৰ্ম এক্সত ব্যাপক ৰূপত ভাইৰেল হৈছে এই ভিডিঅ’। ভিডিঅ’টোত সিংহটোৱে পথত ঘূৰি ফুৰা দেখা গৈছে। এই পথটোৰ এটা চুকতে দোকান এখনৰ সমুখতে শুই আছে এজন ব্যক্তি। শুই থকা মানুহজনৰ সন্মুখত হঠাতে সিংহটো উপস্থিত হয়।

এইদৰে এবাৰ মানুহজনৰ ওচৰৰ পৰা পাৰ হৈ যোৱাৰ পিছত পুনৰ তেওঁৰ কাষ চাপি আহে সিংহটো। পিছে শুই থকা মানুহজনৰ ওপৰত আক্ৰমণ কৰা বাদেই, সিংহটোৱে এক হুমুনিয়াহ কঢ়াৰ দৰে আচৰণ কৰি সেই স্থানৰ পৰা আঁতৰি যোৱাহে পৰিলক্ষিত হয়।