শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
LIC Big News: চিন্তিত বিনিয়োগকাৰী! মাত্ৰ দুটা মাহত LIC য়ে হেৰুৱালে ১.৪৫ লাখ কোটি টকা...

LIC Big News: চিন্তিত বিনিয়োগকাৰী! মাত্ৰ দুটা মাহত LIC য়ে হেৰুৱালে ১.৪৫ লাখ কোটি টকা…

Manas Borah
Manas Borah | Updated On: 05 Mar 2025 21:11 PM

এই জীৱন বীমা কোম্পানীটোৰ বজাৰ মূলধন যোৱা বছৰৰ ডিচেম্বৰ মাহত আছিল ১৪.৯ লাখ কোটি টকা। কিন্তু ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে এই মূল্য ১৩.৪ লাখ কোটি টকালৈ হ্ৰাস পায় । অৰ্থাৎ মাত্ৰ দুমাহতে ১.৪৫ লাখ কোটি টকাৰ লোকচান হৈছে এল আই চিৰ।

ভয়ংকৰ হাৰত লোকচানৰ সন্মুখীন হৈছে এল আই চি । দেশৰ অন্যতম আগশাৰীৰ এই বীমা কোম্পানীত বছৰ বছৰ ধৰি বিনিয়োগ কৰি আহিছে দেশ মধ্য়বিত্ত শ্ৰেণীৰ লোকে । লাহে লাহে যেন সেই ‘বিশ্বাসযোগ্যতা’ হেৰুৱাবলৈ আৰম্ভ কৰিছে বীমা কোম্পানীটোৱে। কিয়নো দিনক দিনে লোকচানৰ সন্মুখীন হৈ আহিছে বীমা কোম্পানীটোৱে ।

ভাৰতীয় শ্বেয়াৰ বজাৰৰ বেয়াৰ দিন চলি থকাৰ সময়তো মূৰ দাঙি থাকিবলৈ সক্ষম হৈছে এল আই চিয়ে । কিন্তু সামগ্ৰিকভাৱে এল আই চিৰ শ্বেয়াৰৰ মূল্য বিগত এবছৰত শীৰ্ষৰ পৰা প্ৰায় ২৮ শতাংশ হ্ৰাস পাইছে। এই লোকচান ভৰিব লাগিব বিনিয়োগকাৰীয়ে।