পলাশৰ বিৰুদ্ধে এইবাৰ ৪০ লাখ টকা প্ৰতাৰণাৰ অভিযোগ, ‘চিকাৰ’ স্মৃতিৰ বাল্যবন্ধু!
দীৰ্ঘদিন অপেক্ষাৰ অন্তত কোনো ধন ঘূৰাই নাপাই বৈভৱে আৰক্ষীৰ কাষ চাপিছে আৰু টকা দিয়াৰ যাৱতীয় প্ৰমাণ দাখিল কৰিছে। ইতিমধ্যে আৰক্ষীয়ে এই বিত্তীয় কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে।
ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মান্ধানাৰ সৈতে বিচ্ছেদৰ চৰ্চাৰ মাজতেই গায়ক তথা পৰিচালক পলাশ মুচ্ছল এক গুৰুতৰ আইনী সংকটত পৰিছে। স্মৃতিৰ বাল্যবন্ধু তথা চিনেমা প্ৰযোজক বৈভৱ মানেই পলাশৰ বিৰুদ্ধে ৪০ লাখ টকাৰ প্ৰতাৰণাৰ অভিযোগত মহাৰাষ্ট্ৰৰ চাংলী জিলাত গোচৰ ৰুজু কৰিছে। অভিযোগ অনুসৰি, ‘নাজাৰিয়া’ নামৰ এখন চিনেমা নিৰ্মাণৰ বাবে পলাশে বৈভৱৰ পৰা ৪০ লাখ টকা লৈছিল। চিনেমাখনৰ পোষ্টাৰ মুকলি হ’ল যদিও ই কেতিয়াও সম্পূৰ্ণ নহ’ল। ইয়াৰ বিপৰীতে পলাশে বৈভৱৰ যোগাযোগৰ সকলো মাধ্যম ব্লক কৰি দিয়ে।
দীৰ্ঘদিন অপেক্ষাৰ অন্তত কোনো ধন ঘূৰাই নাপাই বৈভৱে আৰক্ষীৰ কাষ চাপিছে আৰু টকা দিয়াৰ যাৱতীয় প্ৰমাণ দাখিল কৰিছে। ইতিমধ্যে আৰক্ষীয়ে এই বিত্তীয় কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে। স্মৃতিৰ সৈতে ব্যক্তিগত সম্পৰ্কৰ বিবাদৰ পাছত এই আৰ্থিক প্ৰতাৰণাৰ অভিযোগে পলাশৰ সমস্যা অধিক বৃদ্ধি কৰিছে।
