বিটিআৰ চুক্তিৰ অৱশিষ্ট দফাসমূহ শীঘ্ৰে ৰূপায়নৰ দাবীৰে বিশাল জোঁৰ সমদল
কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা বডোফা শিশু উদ্যানলৈ বিশাল জোঁৰ সমদল এবছুৰ। কোকৰাঝাৰ জিলা এবছুৰ উদ্যোগত আৰু কেবাদফীয়া দাবীৰ সমৰ্থনত গ্ৰহণ কৰা হয় জোঁৰ সমদলৰ কাৰ্যসূচী।
কোকৰাঝাৰত এবছুৰ বিশাল জোঁৰ সমদল। কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা বডোফা শিশু উদ্যানলৈ বিশাল জোঁৰ সমদল এবছুৰ। কোকৰাঝাৰ জিলা এবছুৰ উদ্যোগত আৰু কেবাদফীয়া দাবীৰ সমৰ্থনত গ্ৰহণ কৰা হয় জোঁৰ সমদলৰ কাৰ্যসূচী।
সংসদৰ শীতকালীন অধিৱেশনতে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৮০ নং অনুচ্ছেদৰ ১২৫তম (সংবিধান) সংশোধনী বিধেয়ক গৃহীত কৰাৰ দাবী। বিটিআৰ চুক্তিৰ অৱশিষ্ট দফাসমুহ শীঘ্ৰে ৰূপায়নৰ দাবী ।জোঁৰ সমদলৰ অন্তত কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহলৈ কেবাদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
আজিৰ জোঁৰ সমদলত এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি খৌৰৌমদাও ওৱাৰী আৰু জিলা এবছুৰ শীৰ্ষ বিষয়ববীয়া উপস্থিত থকাৰ লগতে কেইবাশতাধিক ছাত্ৰ-ছাত্ৰী-সমৰ্থকে অংশগ্ৰহণ কৰে।
Latest Videos
