যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৩০ টাকৈ ভাড়াঘৰ ভস্মীভূত…
যোৱা নিশা যোৰহাটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে, প্ৰায় ৩০ টাকৈ ভাড়াঘৰ জুইত জাহ যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যোৱা নিশা প্ৰায় ২:৫০ মান বজাত যোৰহাটৰ ফাচি আলিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ড ফলত প্ৰায় ৩০ টা ভাড়াঘৰৰ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই জনোৱা মতে অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।
এই জুইত ৩০ টাকৈ কেঁচা ভাড়াঘৰ লগতে এখন বাহনজাহ যায়। আনহাতে বিস্ফোৰণ হয় ৩ টা গেছ চিলিণ্ডাৰ। ইয়াৰ পাছতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। কিন্তু সঠিক সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিত হৈ সমগ্ৰ অঞ্চলটোত অধিক অঘটন পৰা ৰক্ষা কৰিবলৈ সক্ষম হয়। উল্লেখ কৰা প্ৰয়োজন যে, এই অঞ্চলটো যথেষ্ট ঘন-জনবসতি এলেকা। বিশেষকৈ অধিক ভাড়াঘৰ থকা অঞ্চল। এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহতি হোৱা নাই।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
