শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Xi Jinping News: চীনৰ ৰাষ্ট্ৰপতি ভাৰ এৰিব নেকি ছি জিনপিঙে?

Xi Jinping News: চীনৰ ৰাষ্ট্ৰপতি ভাৰ এৰিব নেকি ছি জিনপিঙে?

Manas Borah
Manas Borah | Published: 09 Jul 2025 23:12 PM

প্ৰশ্ন হৈছে, ১৩ বছৰ ক্ষমতাত থকাৰ পিছত সঁচাই ছি জিনপিঙে চীনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব এৰিব নেকি? চীনৰ সংবাদ সংস্থাসমূহে দাবী কৰিছে যে, চীনৰ ৰাষ্ট্ৰপতিয়ে ৩০ জুনত চীনৰ কমিউনিষ্ট পাৰ্টিৰ ২৪ জনীয়া পলিটব্যুৰোৰ সৈতে সাক্ষাৎ কৰিছিল।

চীনৰ শাসন ভাৰ এৰিব ছি জিনপিঙে ! এই কথা এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। প্ৰশ্ন হৈছে, ১৩ বছৰ ক্ষমতাত থকাৰ পিছত সঁচাই ছি জিনপিঙে চীনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব এৰিব নেকি? চীনৰ সংবাদ সংস্থাসমূহে দাবী কৰিছে যে, চীনৰ ৰাষ্ট্ৰপতিয়ে ৩০ জুনত চীনৰ কমিউনিষ্ট পাৰ্টিৰ ২৪ জনীয়া পলিটব্যুৰোৰ সৈতে সাক্ষাৎ কৰিছিল। সেই বৈঠকৰ পিছৰে পৰা সমগ্ৰ দেশতে এই বিষয়ত প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। কিন্তু জিনপিঙে দেশৰ বাঘজৰী পৰৱৰ্তী প্ৰজন্মক অৰ্পণ কৰিবনে?

ইফালে চৰ্চা হৈছে, মে’ মাহৰ পৰা ৰাজহুৱা অনুষ্ঠানত কোনেও দেখা নাই জিনপিঙক। আনকি দেওবাৰৰ পৰা আৰম্ভ হোৱা ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছৰ সন্মিলনত দেখা পোৱা নগ’ল চীনৰ ৰাষ্ট্ৰপতিগৰাকীক। আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল । ছি জিনপিঙে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ব্ৰিকছৰ এখনো শীৰ্ষ সন্মিলন বাদ পৰা নাই। এই শীৰ্ষ সন্মিলনত জিনপিঙৰ সলনি চীনৰ প্ৰতিনিধি লি কিয়াঙে চীনক প্ৰতিনিধিত্ব কৰিছে।