খালেদা জিয়াৰ মৃত্যুৰ আঁৰত ৰহস্যৰ অৱকাশ, চিকিৎসা বিষয়াৰ চাঞ্চল্যকৰ দাবী

| Edited By:

Jan 19, 2026 | 8:12 PM

খালেদা জিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত ‘ইচ্ছাকৃতভাৱে গাফিলতি’ হোৱা বুলি উত্থাপিত হৈছে অভিযোগ। এই অভিযোগ তুলিছে তেওঁৰ চিকিৎসাৰ বাবে গঠন কৰা চিকিৎসা ব’ৰ্ডৰ মুৰব্বী অধ্যাপক-চিকিৎসক এফ এম ছিদ্দিকীয়ে।

নিৰ্বাচন ঘোষণা, বাংলাদেশলৈ প্ৰত্যাৱৰ্তন পুত্ৰৰ! সেই সময়তেই হত্যাৰ চেষ্টা কৰা হৈছিল নেকি খালেদা জিয়াক? কিন্তু তেওঁৰ চিকিৎসাৰ বাবে গঠন হোৱা মেডিকেল ব’ৰ্ডৰ এজন সদস্য আছিল নিজৰেই বোৱাৰী জুবেইদা ৰহমান। তেন্তে কেনেকৈ হ’ব পাৰে ষড়যন্ত্ৰ? এই প্ৰশ্নবোৰ বাংলাদেশৰ ভিতৰতে মুখ বাগৰিবলৈ ধৰিছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ৩০ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু আজি হঠাৎ কিয় চৰ্চা হৈছে এই প্ৰসংগ?

এই চৰ্চা আৰম্ভ হৈছে এটা ইংগিতক লৈ। সদ্যপ্ৰয়াত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু বিএনপিৰ অধ্যক্ষা খালেদা জিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত ‘ইচ্ছাকৃতভাৱে গাফিলতি’ হোৱা বুলি উত্থাপিত হৈছে অভিযোগ। এই অভিযোগ তুলিছে তেওঁৰ চিকিৎসাৰ বাবে গঠন কৰা চিকিৎসা ব’ৰ্ডৰ মুৰব্বী অধ্যাপক-চিকিৎসক এফ এম ছিদ্দিকীয়ে। তেওঁ কয়, ‘‘ভুল চিকিৎসা আৰু গাফিলতিৰ বাবে খালেদা জিয়াৰ যকৃতৰ অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিছিল আৰু তেওঁক মৃত্যুৰ দিশে ঠেলি দিয়া হৈছিল।’’

তেওঁৰ মতে, “মেডিকেল ইউনিভাৰ্চিটিৰ মেডিকেল ডিচচাৰ্জ চাৰ্টিফিকেটত খালেদা জিয়াক নিয়মিতভাৱে বাতবিষৰ ঔষধ হিচাপে মেথ’ট্ৰেক্সেট নামৰ টেবলেট এটা খাবলৈ নিৰ্দেশ দিয়া হৈছিল। ভৰ্তি হোৱাৰ পিছতে সেই ঔষধ দিয়া হৈছিল তেওঁক। অৱশ্যে আমি লগে লগে ঔষধ বন্ধ কৰি দিলোঁ।”

আনকি এই ক্ষেত্ৰত ছিদ্দিকিয়ে ‘শ্ল’ পইজনিং’ তত্ত্বৰ ইংগিত দি কয়, ‘‘মেথ’ট্ৰেক্সেট হৈছে সেই ঔষধ যিয়ে তেওঁৰ ফেটি লিভাৰ ৰোগক আৰু অধিক ভয়াৱহ কৰি চিৰ’চিছলৈ ৰূপান্তৰিত কৰিছিল। এই প্ৰসংগত তেওঁৰ যকৃতৰ বাবে ই আছিল শ্ল’ পইজন সদৃশ।’’