শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam News: আইপিএল ২০২৬ ৰ নিলামৰ পৰা নেশ্যনেল হেৰাল্ডৰ গোচৰলৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: আইপিএল ২০২৬ ৰ নিলামৰ পৰা নেশ্যনেল হেৰাল্ডৰ গোচৰলৈ দিনটোৰ শীৰ্ষ খবৰ

barasha-misra
Barasha Misra | Published: 16 Dec 2025 22:40 PM

নগাঁৱত আৰম্ভ চাৰিদিনীয়া উচ্ছেদ অভিযান। মঙলবাৰে তিনিখন বিলত চলে এই উচ্ছেদ অভিযান। মুঠ ২৩০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হৈছে উচ্ছেদ। ধিঙৰ ৰৌমাৰী বিল, মাগুৰমাৰী বিল, ভেৰভেৰি বিলত চলে উচ্ছেদ। দীৰ্ঘদিন ধৰি এই বিলৰ মাটি বেদখল কৰি আহিছিল একাংশ লোকে।

আজি ১৬ ডিচেম্বৰ মঙলবাৰ, এই দিনটোৰ ৰাজ্যৰ লগতে দেশ আৰু বিদেশৰ ভিন্ন প্ৰান্তত ঘটা বিভিন্ন খবৰে চৰ্চা লাভ কৰিছে। গতিকে পলকতে চাও আহক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ।

১. আজিৰে পৰা আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া। আজি কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশৰ আদালতে এই গোচৰৰ কাৰ্যবিধি আৰম্ভ কৰে। এই গোচৰত অভিযুক্ত ৭ গৰাকী কাৰাবন্দীকে ভাৰ্চুৱেলী আদালতত হাজিৰ কৰোৱা হয়। চৰকাৰৰ হৈ এই গোচৰত ওকালতি কৰিছে ৰাজহুৱা অধিবক্তা প্ৰদীপ কোঁৱৰে।

২. পৃথক কমতাপুৰ ৰাজ্য গঠন, কোচ ৰাজবংশীক জনজাতিকৰণ আদি কেবাটাও দাবীৰে আজি কোকৰাঝাৰত ব্যাপক প্ৰতিবাদ। কমতাপুৰ ৰাজ্য দাবী সমিতি আৰু আক্ৰাছুৰ যৌথ উদ্যোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। ৰেলপথ অৱৰোধৰ দৰে পন্থাও গ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে।

৩. নগাঁৱত আৰম্ভ চাৰিদিনীয়া উচ্ছেদ অভিযান। মঙলবাৰে তিনিখন বিলত চলে এই উচ্ছেদ অভিযান। মুঠ ২৩০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হৈছে উচ্ছেদ। ধিঙৰ ৰৌমাৰী বিল, মাগুৰমাৰী বিল, ভেৰভেৰি বিলত চলে উচ্ছেদ। দীৰ্ঘদিন ধৰি এই বিলৰ মাটি বেদখল কৰি আহিছিল একাংশ লোকে।

৪. অহা ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়চোৱাত মোদীয়ে বৰঝাৰত নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেল মুকলি কৰাৰ লগতে নতুন বিমান বন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। তাৰ পাছতে ৭০ হাজাৰ জনতাক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ব্যস্ততা বৃদ্ধি বিজেপিৰ।

৫. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। এছ আই টিৰ চাৰ্জশ্বীট সন্দৰ্ভত বিস্ফোৰক মন্তব্য গগৈৰ। তেওঁ কয় যে এছ আই টিয়ে ছিংগাপুৰৰ পৰা মাত্ৰ ৭০০ মিলিলিটাৰ সাগৰৰ পানীৰ বাহিৰে একো তথ্য আনিব পৰা নাই। গৰিমা শইকীয়া গাৰ্গে লাভ কৰা জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰমাণপত্ৰত মৃত্যুৰ কাৰণ ক’ভিড১৯ ত মৃত্যু বুলি উল্লেখ থকা বুলি কয় গগৈয়ে।

লগতে পঢ়ক দিনটোৰ বহু খবৰ….