শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
শাস্তিও ভুগিলে, তথাপি নেৰিলে! নোটবুক চেলিব্ৰেশ্যনৰ কাৰণ নিজেই ক'লে দ্বিগৱেশ ৰাথীয়ে

শাস্তিও ভুগিলে, তথাপি নেৰিলে! নোটবুক চেলিব্ৰেশ্যনৰ কাৰণ নিজেই ক’লে দ্বিগৱেশ ৰাথীয়ে

monjit-dutta
Monjit Dutta | Published: 27 May 2025 20:05 PM

লক্ষ্ণৌৱে এই ছিজনত প্লে’ অফত প্ৰৱেশ কৰিব নোৱাৰিলেও দ্বিগৱেশ ৰাথীৰ আৱিষ্কাৰ দলটোৰ বাবে অনন্য কৃতিত্ব হিচাপে পৰিগণিত হৈছে। চলিত ছিজনত তেওঁৰ প্ৰদৰ্শনো প্ৰশংসনীয়। প্ৰদৰ্শনতকৈয়ো পিছে দ্বিগৱেশ নিজৰ বিশেষ সফলতা উদযাপন শৈলীৰ বাবেহে অধিক চৰ্চিত হৈছে। পিছে এই বিশেষ শৈলীৰ আঁৰৰ কাৰণ কি?

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মঞ্চত বেটিং বা বলিঙত সফলতাৰ সময়ত বিভিন্ন ধৰণৰ উদযাপন দেখা যায়। খেলুৱৈসকলৰ এইধৰণৰ উদযাপনক লৈ পিছে বিতৰ্কৰো অভাৱ নাই। এনে এক উদযাপনেৰেই চলিত বৰ্ষৰ আই পি এলত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ দ্বিগৱেশ ৰাথী। নোটবুক চেলিব্ৰেশ্যনেৰে এইবাৰ আই পি এলত ব্যাপক চৰ্চিত হৈছে খেলুৱৈগৰাকী। সমান্তৰালকৈ হৈছে সমালোচিত। কেৱল সিমানেই নহয়, এই বিশেষ সফলতা উদযাপন শৈলীৰ বাবে তেওঁ ভুগিছে শাস্তিও।

লক্ষ্ণৌৱে এই ছিজনত প্লে’ অফত প্ৰৱেশ কৰিব নোৱাৰিলেও দ্বিগৱেশ ৰাথীৰ আৱিষ্কাৰ দলটোৰ বাবে অনন্য কৃতিত্ব হিচাপে পৰিগণিত হৈছে। চলিত ছিজনত তেওঁৰ প্ৰদৰ্শনো প্ৰশংসনীয়। প্ৰদৰ্শনতকৈয়ো পিছে দ্বিগৱেশ নিজৰ বিশেষ সফলতা উদযাপন শৈলীৰ বাবেহে অধিক চৰ্চিত হৈছে। উইকেট লোৱাৰ পিছত তেওঁ উদযাপনৰ বাবে নোটবুকত লিখাৰ ভংগীমা প্ৰদৰ্শন কৰিছিল।

পিছে এই বিশেষ শৈলীৰ আঁৰৰ কাৰণ কি? এই বিষয়ে খেলুৱৈগৰাকীয়ে এতিয়া নিজ মুখেই প্ৰকাশ কৰিছে। চাওঁ আহক এই বিষয়ে…