অফিচত একাপ চাহ নাখালে ১০ বছৰত কিমান টকা ৰাহি হ’ব?
Investments: সকলো মানুহে এটা সুন্দৰ ভৱিষ্যতৰ সপোন দেখে। ভাল ভৱিষ্যতৰ বাবে টকা জমা কৰা জৰুৰী। কিন্তু আপুনি জানেনে, মাত্ৰ একাপ চাহৰ খৰচৰ দ্বাৰা আপুনি লাখ লাখ টকা জমা কৰিব পাৰে। পিছে কেনেকৈ?
প্ৰায় সকলো মানুহৰে চাহ খোৱাৰ অভ্যাস আছে। অফিচ বা কৰ্মস্থলীত এনে বহু কম মানুহ ওলাব যিয়ে চাহ নাখায়। পুৱা হওক সন্ধিয়া বহু সময়ত মানুহে চাহ খাব বিচাৰে। কিন্তু আপুনি জানেনে, আপুনি চাহৰ দ্বাৰা লাখ লাখ টকা জমা কৰিব পাৰে? যদি আপুনি অফিচত চাহ খোৱা বাদ দিয়ে তেন্তে ১০ বছৰত লাখ লাখ টকা জমা হ’ব। চাহৰ লগত যদি চিগাৰেট, অন্য খোৱা বস্তু খাই তেন্তে ইয়াৰ পৰিমাণ আৰু অধিক হৈ পৰিব।
গুৱাহাটী বা অসমৰ বিভিন্ন প্ৰান্তত একাপ চাহৰ গড় মূল্য ১০ টকা। যদি আপুনি দিনটোত ৪ বাৰ চাহ খাই তেন্তে খৰচ ৪০ টকা। সপ্তাহত প্ৰায় ২৫ দিন অফিচলৈ যোৱা হয়। গতিকে ২৫ দিনৰ চাহৰ খৰচৰ দ্বাৰা আপুনি লাখ লাখ টকা জমা কৰিব পাৰে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
