ভাৰতৰ পৰা ৰপ্তানি কৰা সূতাৰ ওপৰত শুল্ক বৃদ্ধিৰ চিন্তা বাংলাদেশৰ
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দিল্লীত আশ্ৰয় লোৱাৰ পৰা আৰম্ভ কৰি আই পি এল বিতৰ্কলৈ, ভাঙোনমুখী হৈ পৰিছে দুয়ো প্ৰতিবেশী ৰাষ্ট্ৰৰ সম্পৰ্ক। তাৰ মাজতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতাৰ মুখত বাৰে বাৰে শুনা গৈছে ভাৰত বিৰোধী সুৰ।
শেহতীয়া কিছুদিন ধৰি সম্পৰ্ক তিক্ত হৈ পৰিছে ভাৰত-বাংলাদেশৰ। এতিয়া এই তিক্ততা বিয়পিছে সূতাৰ বজাৰলৈ। জানিব পৰা মতে, ভাৰতৰ পৰা আমদানিকৃত সূতাৰ ওপৰত ১০ ৰ পৰা ২০ শতাংশ শুল্ক বৃদ্ধি কৰিবলৈ সাজু হৈছে বাংলাদেশ। দেশখনৰ ট্ৰেড এণ্ড ট্ৰেফিক কমিচনৰ বৈঠকত এই বিষয়ত সিদ্ধান্ত ল’ব পাৰে ঢাকাই।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দিল্লীত আশ্ৰয় লোৱাৰ পৰা আৰম্ভ কৰি আই পি এল বিতৰ্কলৈ, ভাঙোনমুখী হৈ পৰিছে দুয়ো প্ৰতিবেশী ৰাষ্ট্ৰৰ সম্পৰ্ক। তাৰ মাজতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতাৰ মুখত বাৰে বাৰে শুনা গৈছে ভাৰত বিৰোধী সুৰ। যোৱা এপ্ৰিল মাহৰ পৰা স্থলপথেৰে সূতা আমদানিত বাধা প্ৰদান কৰিছিল ঢাকাই। এইবাৰ লক্ষ্য ভাৰতীয় বজাৰক শুল্কৰ চাপ দিয়া।
২০২৫ চনত মুঠ ৩.৫৭ বিলিয়ন ডলাৰৰ সূতা ৰপ্তানি কৰিছে ভাৰতে। আপুনি জানি অবাক হ’ব, ইয়াৰে প্ৰায় ৪৫.৯ শতাংশ সূতা অকলে ক্ৰয় কৰিছে বাংলাদেশে। যদিও এতিয়া ২০ শতাংশ শুল্ক বৃদ্ধি পায়, তেন্তে বহু হাজাৰ কোটি টকাৰ ৰপ্তানি বন্ধ হৈ পৰিব।
