সলনি হৈছে ৰে’লৱেৰ নিয়ম, জানক কিদৰে কৰিব তৎকাল টিকট বুকিং
তৎকাল টিকটত প্ৰৱঞ্চনা ৰোধ কৰিবলৈ টিকট বুকিং নিয়ম সলনি কৰা হৈছে। ১ জুলাইৰ পৰা আধাৰ নম্বৰেৰে টিকট বুকিং কৰাৰ নিয়ম বাধ্যতামূলক কৰা হৈছে। ১৫ জুলাইৰ পৰা তৎকাল টিকট বুকিং কৰাৰ বাবে আধাৰ ভিত্তিক অ’টিপি ভেৰিফিকেচন বাধ্যতামূলক
ৰে’লৱেৰ টিকট বুকিঙৰ নিয়ম পৰিৱৰ্তন। এতিয়া এই কাম নকৰাকৈ তৎকাল টিকট বুকিং কৰিব নোৱাৰিব। ১৫ জুলাইৰ পৰা আৰম্ভ হৈছে নতুন নিয়ম। তৎকাল টিকট বুকিং কৰাসকলে এতিয়াৰে পৰা এই প্ৰক্ৰিয়া অনুসৰণ কৰি টিকট ক্ৰয় কৰিব লাগিব।
তৎকাল টিকটত প্ৰৱঞ্চনা ৰোধ কৰিবলৈ টিকট বুকিং নিয়ম সলনি কৰা হৈছে। ১ জুলাইৰ পৰা আধাৰ নম্বৰেৰে টিকট বুকিং কৰাৰ নিয়ম বাধ্যতামূলক কৰা হৈছে। ১৫ জুলাইৰ পৰা তৎকাল টিকট বুকিং কৰাৰ বাবে আধাৰ ভিত্তিক অ’টিপি ভেৰিফিকেচন বাধ্যতামূলক।
এতিয়াৰে পৰা যাত্ৰীসকলে তৎকাল টিকট বুকিং কৰিবলৈ আধাৰ নম্বৰ দিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰত অ’টিপি পোৱাৰ পিছতহে তেওঁলোকে পৰৱৰ্তী পদক্ষেপলৈ আগবাঢ়িব পাৰিব। আই আৰ চি টি চিৰ ৱেবছাইট, মোবাইল এপ বা পি আৰ এছ কাউণ্টাৰৰ পৰাই হওক, তৎকাল টিকট বুকিং কৰিবলৈ ৱান টাইম পাছৱৰ্ডৰ প্ৰয়োজন হ’ব।
তৎকাল টিকট কেনেকৈ ক্ৰয় কৰিব?
প্ৰথমে আধাৰৰ লগত লিংক কৰা মোবাইল নম্বৰটো দিব লাগিব।
তাৰ পিছত এবাৰৰ পাছৱৰ্ডেৰে ভেৰিফাই কৰিব লাগিব।
ভেৰিফিকেচনৰ লগে লগে টিকট বুকিং কৰিব পাৰিব।
নতুন নিয়মত উল্লেখ আছে যে, প্ৰথম ৩০ মিনিটত বাল্ক বুকিং কৰিব নোৱাৰিব। এই সময়ছোৱাত এজেণ্টসকলে টিকট বুকিং কৰিব নোৱাৰিব।
উদাহৰণস্বৰূপে, এচি ক্লাছৰ বাবে যাত্ৰাৰ আগদিনা পুৱা ১০ বজাৰ পৰা আৰু নন-এচিৰ বাবে ১১ বজাৰ পৰা তৎকাল বুকিং আৰম্ভ হয়।

বিজেপিৰ চিন্তন বৈঠকৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ

সলনি হৈছে ৰে'লৱেৰ নিয়ম, জানক কিদৰে কৰিব তৎকাল টিকট বুকিং

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ! ন্যায়ালয়ে ক'লে

বিয়াৰ পাছত আপোনাৰো বৃদ্ধি পাইছে নেকি ওজন? জানক সবিশেষ...
