শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰে’লত ৰীল বনালেই বিপদ, চাকৰি যাব পাৰে ৰে’ল কৰ্মচাৰীৰ

raj-saikia
Raj Saikia | Published: 13 Dec 2025 19:54 PM

স্পৰ্শকাতৰ অঞ্চলত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ৰে'লৱেই। ৰে’ল পৰিচালনা, নিৰাপত্তা পদ্ধতি, স্পৰ্শকাতৰ অঞ্চলৰ ভিডিঅ’ আপলোড কৰীলে বহু ক্ষেত্ৰত ৰে’লৱেৰ ভাবমূৰ্তি নষ্ট হৈ পৰে। এনে কাৰ্য কৰ্তব্য সম্পাদনৰ সময়ত মানি চলিবলগীয়া নীতি-নিয়মৰ গুৰুতৰ উলংঘা বুলি গণ্য কৰে ৰে’লৱেই।

সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বৃদ্ধি পাইছে ৰীলৰ জনপ্ৰিয়তা। এই তাৎক্ষণিক সন্তুষ্টিৰ বাবে বহু লোকে বিভিন্ন গোপনীয় বিষয়ৰ ভিডিঅ’ ৰেকৰ্ড কৰা বা বিপদজনক কাৰ্যত ষ্টাণ্ট কৰা দেখা যায়। আৰু এই সকলোবোৰৰ বিৰুদ্ধে ৰে’ল কর্মচাৰীসকলক সকীয়াই দিছে ভাৰতীয় ৰে’লৱেই৷ জাৰি কৰা হৈছে এটা স্পষ্ট গাইডলাইন। এতিয়াৰ পৰা ভিডিঅ’ ব্লগিং, ৰীল বনোৱা বা ভিডিঅ’ শ্বুটিং কৰিব নোৱাৰিব কৰ্তব্যৰত কোনো ৰেল কৰ্মচাৰীয়ে। নিৰাপত্তা আৰু গোপনীয়তা বজাই ৰখাৰ বাবে এই কঠোৰ সিদ্ধান্ত লোৱা বুলি ৰে’লৱেই অৱগত কৰিছে।

শেহতীয়াকৈ বহু ৰেল ষ্টেচনৰ ভিডিঅ’ আৰু ৰে’ল কৰ্মচাৰীয়ে কাম কৰা ভিডিঅ’ বা ৰে’ল চলাই থকাৰ সময়ত কেইবাটাও স্পৰ্শকাতৰ অঞ্চলৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৰেলৱেই এইটো এটা গুৰুতৰ অপৰাধ বুলি গণ্য কৰে। তেওঁলোকৰ মতে, ইয়াৰ ফলত সমগ্ৰ দেশৰ ৰে’লপথৰ সুৰক্ষাত ব্যাঘাত জন্মিছে আৰু গুৰুত্বপূৰ্ণ তথ্য ফাদিল হোৱাৰ আশংকা সৃষ্টি হৈছে। সেয়ে সমগ্ৰ দেশতে কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে এনেধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ।

ৰে’লৱেই দিয়া নিৰ্দেশনা অনুসৰি এই নিয়ম উলংঘা কৰীলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনকি চাকৰিও যাব পাৰে।