India Pakistan War Update: ‘অপাৰেচন সেন্দূৰ’ত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল ভাৰতীয় নৌসেনাই ?
পহলগাম আক্ৰমণৰ পাছৰে পৰা যিকোনো পৰিস্থিতিৰ বাবে সাজু আছিল ভাৰতীয় নৌসেনা । আনকি যেতিয়া ভাৰতীয় বায়ুসেনাই পাকিস্তানত প্ৰৱেশ কৰি ইটোৰ পিছত সিটো সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেই সময়ত ভাৰতীয় নৌসেনাই আৰব সাগৰত টহল দি আছিল।
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে সৃষ্টি হৈছিল ভাৰত-পাকিস্তানৰ মাজত সামৰিক উত্তেজনা । প্ৰথমে সন্ত্ৰাসবাদক সমৰ্থন কৰা পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে ভাৰতে । একেদৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে অপাৰেচন সেন্দূৰ আৰম্ভ কৰে । অপাৰেচন সেন্দূৰৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে ভাৰতে । ইয়াৰ পাছতে পাকিস্তানে যেতিয়া ভাৰতৰ ওপৰত দুবাৰকৈ সামৰিক আক্ৰমণৰ চেষ্টা চলায়, তেতিয়াৰ পৰা এই উত্তেজনা আৰু অধিক বৃদ্ধি পাবলৈ ধৰে । অৱশ্যে যুদ্ধ বিৰতিৰ প্ৰতি দুয়োখন দেশে সন্মতি প্ৰকাশ কৰাৰ পাছৰে পৰা সেই উত্তেজনা হ্ৰাস পাইছে ।
ইতিমধ্যে পাকিস্তানক উচিত প্ৰত্যু্ত্তৰ দিছে ভাৰতে । ইফালে, পহলগাম আক্ৰমণৰ পাছৰে পৰা যিকোনো পৰিস্থিতিৰ বাবে সাজু আছিল ভাৰতীয় নৌসেনা । আনকি যেতিয়া ভাৰতীয় বায়ুসেনাই পাকিস্তানত প্ৰৱেশ কৰি ইটোৰ পিছত সিটো সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেই সময়ত ভাৰতীয় নৌসেনাই আৰব সাগৰত টহল দি আছিল।
দেওবাৰে এক সংবাদমেলত নৌ অভিযানৰ সঞ্চালক প্ৰধান এ এন প্ৰমোদে অপাৰেচন সেন্দূৰত ভাৰতীয় নৌসেনাৰ ভূমিকা সম্পৰ্কে স্পষ্ট কৰি দিয়ে। বৰ্তমান তেওঁ ভাৰতীয় নৌসেনাত ভাইচ এডমিৰেল। সংবাদমেলত সেনা বিষয়াগৰাকীয়ে কয়, “ভাৰতীয় নৌসেনা আৰব সাগৰত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আছিল।”