শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
গোৱাৰ আকাশত আমেৰিকান ৰোমিঅ’ৰ ৰোমাঞ্চ, আহি আছে নতুন শক্তি

গোৱাৰ আকাশত আমেৰিকান ৰোমিঅ’ৰ ৰোমাঞ্চ, আহি আছে নতুন শক্তি

raj-saikia
Raj Saikia | Published: 17 Dec 2025 19:47 PM

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে এই ৰোমিঅ’ৰ শক্তি অন্তহীন। শত্ৰুৰ চাবমেৰিন ধ্বংস কৰাৰ উপৰিও এই চপাৰখন সাগৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযানত অতি দক্ষ। ই কেৱল হেলিকপ্টাৰ নহয়, দীৰ্ঘম্যাদী কাৰ্যকৰী সামৰ্থ নিশ্চিত কৰাৰ বাবে নৌসেনাৰ ‘Sustainment Support’ৰ অন্যতম ক্ষমতা আছে এই চপাৰৰ।

ক্ৰমাগতভাৱে শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ। ডিচেম্বৰ মাহৰ ভিতৰত নতুন এণ্টি ছাবমেৰিন হেলিকপ্টাৰ স্কোৱাড্ৰন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব ভাৰতে। সেই উদ্দেশ্যে আমেৰিকাৰ পৰা অনা হৈছে MH-60R Romeo চপাৰ। এই স্কোৱাড্ৰনৰ মুখ্য কাৰ্যালয় হ’ব গোৱাত। তাত থকা আই এন এছ হংসত নতুন চপাৰসমূহ গঠন কৰা হৈছে।

আমেৰিকান যুদ্ধ বিমান আৰু হেলিকপ্টাৰ নিৰ্মাতা কোম্পানী লকহিড মাৰ্টিনৰ দ্বাৰা নিৰ্মিত MH-60R Romeo চপাৰ ক্ৰয়ৰ বাবে ২০২০ চনত নিবিদা দিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে। নৌসেনাৰ বাবে ২৪খন ৰোমিঅ’ আৰু তাত ব্যৱহাৰ কৰা বিশেষ ক্ষেপণাস্ত্ৰ আৰু চোৱাচিতাৰ সঁজুলি ক্ৰয়ৰ বাবে আবণ্টন দিয়া হৈছিল প্ৰায় ২ কোটি ১.৫ হাজাৰ কোটি টকা। নৌসেনাৰ সূত্ৰ অনুসৰি এই ২৪খন চপাৰৰ ভিতৰত এতিয়ালৈকে আমেৰিকাৰ পৰা ১৫খন চপাৰ লাভ কৰিছে ভাৰতে।

১৭ ডিচেম্বৰত গোৱাৰ আই এন এছ হংসৰ পৰা কমিচন কৰা হ’ব NAS 335 (Ospreys) ক। ইয়াৰ অধীনত সকলো MH-60R Romeo চপাৰ নিৰ্মাণ কৰা হৈছে। উন্নত অস্ত্ৰ, চেন্সৰ আৰু এভিয়নিকছ ছুইটৰ সৈতে নৌসেনাৰ ‘পাৱাৰ-পেকেজ’ৰ দৰে কাম কৰিব ৰোমিঅ’ই। কমিচনিং অনুষ্ঠানত নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠীও উপস্থিত থাকিব।