এখোজ আগুৱালেই হ’ব নিঃশেষ ! পাকিস্তানৰ বাবে ভাৰতে সাজু ৰাখিছে উচ্চ ক্ষমতাসম্পন্ন জামাৰ
সীমান্তত পাকিস্তানৰ অনুপ্ৰৱেশ কৌশল বিফল কৰিবলৈ আৰু যুঁজাৰু বিমানৰ প্ৰতিৰোধ কৰিবলৈ ভাৰতৰ সীমান্তত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত হাই ফ্ৰিকুৱেন্সিৰ জামাৰ স্থাপন কৰা হৈছে ।
দিন বাগৰি যোৱাৰ লগে লগে সীমান্তত বৃদ্ধি পাইছে উত্তেজনা । ইতিমধ্যে পাকিস্তানৰ বিমান ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে । পাকিস্তানেও একে ঘোষণা কৰিছে ভাৰতীয় বিমানৰ ক্ষেত্ৰত । পাকিস্তানৰ যুদ্ধ বিমানে সীমান্তত টহল দি আছে । এইবাৰ ভাৰতে পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ এটা ডাঙৰ পদক্ষেপ লৈছে । সীমান্তলৈ অনা হৈছে উচ্চ ক্ষমতাসম্পন্ন জামাৰ ।
পাকিস্তানৰ NEW SAAB 2000 ভিত্তিক এয়াৰবৰ্ণ আৰ্লি ৱাৰ্নিং এণ্ড কণ্ট্ৰল (AEW&C) যুদ্ধ বিমান ভাৰত-পাক সীমান্তত ব্যৱহাৰ কৰা হৈছে । পাকিস্তানে এই যুদ্ধ বিমানখন বায়ু প্ৰতিৰক্ষাৰ বাবে প্ৰেৰণ কৰিছে । F-16 কে ধৰি কেইবাখনো পাকিস্তানী যুদ্ধ বিমান পাকিস্তানৰ আকাশত উৰি থকা দেখা গৈছে ।
ভাৰতো মনে মনে বহি থকা নাই । ইতিমধ্যে হাছিমাৰা আৰু আম্বালাৰ বিমান ঘাটিৰ পৰা ৰাফেলে উৰা মাৰিছে । সীমান্তত পাকিস্তানৰ অনুপ্ৰৱেশ কৌশল বিফল কৰিবলৈ আৰু যুঁজাৰু বিমানৰ প্ৰতিৰোধ কৰিবলৈ ভাৰতৰ সীমান্তত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত উচ্চ ক্ষমতাসম্পন্ন জামাৰ স্থাপন কৰা হৈছে ।
এই জামাৰৰ কাম হ’ল বিমানৰ ফ্ৰিকুৱেন্সি প্ৰতিৰোধ কৰা । যদি জামাৰ থাকে তেন্তে বিমানে এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰাত অসুবিধা পাব, আৰু বিভ্ৰান্ত হৈ আকাশত বাট হেৰুৱাব । এই উচ্চ ক্ষমতাসম্পন্ন জামাৰখন সীমান্তত নিয়োগ কৰাৰ বাবে পাকিস্তান বায়ুসেনাই আকাশমাৰ্গত বহু অসুবিধাৰ সন্মুখীন হ’ব বুলি প্ৰতিৰক্ষা বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে ।