শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব’ৰ পিছত কি ক’লে এয়াৰ চিফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙে?

বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব’ৰ পিছত কি ক’লে এয়াৰ চিফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙে?

barasha-sarma
Barasha Sarma | Published: 09 Nov 2025 18:25 PM

Indian Air Force: আজি এক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰয় অসমবাসী। আজি গুৱাহাটীত অনুষ্ঠিত হয় বিশেষ এয়াৰ শ্ব'। য'ত বায়ুসেনাৰ কেইবাখনো বিমানে কলা-কৌশল প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত হাজাৰ হাজাৰ লোক উপস্থিত থাকে।

আজি গুৱাহাটীত অনুষ্ঠিত হয় ভাৰতীয় বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বায়ু সেনাই এই শ্ব’ত ২৫টাতকৈও অধিক ফৰ্মেচনত ৭৫খনতকৈও অধিক বিমান আৰু হেলিকপ্টাৰৰ সৈতে কলা-কৌশল প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত বায়ু সেনাৰ সুখোই, তেজছ, মিৰাজ, জাগুয়াৰ, আপাচি, আইএল-৭৮ ৰিফিউলাৰ, চি-১৭ গ্ল’বমাষ্টাৰ, চি-১৩০ হাৰকিউলিছ আদিকে ধৰি কেইবাখনো সামৰিক বিমানে অংশ লয়।

ইয়াৰ পাছতে বায়ুসেনাৰ এয়াৰ চিফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, ২-৩ বছৰ ধৰি উত্তৰ-পূবত অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰি থকা হৈছিল। অৱশেষত এয়া হৈ উঠিল। তেওঁ লগতে কয় যে, এই শ্ব’ৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ পৰা সকলো ধৰণ সহায় লাভ কৰা হৈছে। ইয়াৰোপৰি দৰ্শকৰ সমৰ্থনকো তেওঁ প্ৰশংসা কৰে।

সবিশেষৰ বাবে ভিডিঅ’ চাওক…