Ind vs Pak War Probability: ভাৰত-পাকিস্তান যুদ্ধৰ আশংকাৰ মাজতে ভাৰতীয় সেনাই লাভ কৰিছে IGLA-S মিছাইল

May 06, 2025 | 3:09 PM

ভাৰত-পাকিস্তানৰ যুদ্ধৰ আশংকাৰ মাজতে ভাৰতীয় সেনাই লাভ কৰিছে এক নতুন এয়াৰ ডিফেন্স চিষ্টেম। ই হৈছে ৰাছিয়াত নিৰ্মিত নতুন Very Short Range Air Defence Systems (VSHORADS), যাক ইগলা-এছ মিছাইল(Igla-S missiles) নামেৰে জনাজাত ।

ভাৰত-পাকিস্তানৰ যুদ্ধৰ আশংকাৰ মাজতে ভাৰতীয় সেনাই লাভ কৰিছে এক নতুন এয়াৰ ডিফেন্স চিষ্টেম। ই হৈছে ৰাছিয়াত নিৰ্মিত নতুন Very Short Range Air Defence Systems (VSHORADS), যাক ইগলা-এছ মিছাইল(Igla-S missiles) নামেৰে জনাজাত । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে জৰুৰীভাৱে সেনাবাহিনীৰ বাবে ৰাছিয়াত নিৰ্মিত এই এয়াৰ ডিফেন্স চিষ্টেম অৰ্ডাৰ কৰিছিল । সেই মতে ভাৰতীয় সেনাই লাভ কৰে এই নতুন এয়াৰ ডিফেন্স চিষ্টেম। যাৰ বাবে মোদী চৰকাৰে ব্যয় কৰে ২৬০ কোটি টকা।

এই নতুন এয়াৰ ডিফেন্স চিষ্টেম ভাৰতীয় সৈনিকে কান্ধত লৈ যুদ্ধক্ষেত্ৰলৈ লৈ যাব পাৰে । ইয়াৰ দ্বাৰা সহজেই মিছাইল নিক্ষেপ কৰি যুঁজাৰু বিমান, ড্ৰ’ন আক্ৰমণ ৰোধ কৰিব পাৰে সেনাই । ভাৰত-পাকিস্তানৰ যুদ্ধৰ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই এয়াৰ ডিফেন্স চিষ্টেমে চৰ্চা লাভ কৰিছে । সমগ্ৰ বিশ্বতে ৰাছিয়াৰ এই এয়াৰ ডিফেন্স চিষ্টেম সাংঘাতিক ধৰণে জনপ্ৰিয় ।