Nepal Border: ভাৰত-নেপাল সীমান্তত হাই এলাৰ্ট জাৰি, যাবলৈ দিয়া হোৱা নাই কোনো লোকক
নেপালত হিংসাত্মক প্ৰতিবাদত এতিয়ালৈকে বহু লোকে প্ৰাণ হেৰুৱাইছে যদিও হিংসাত্মক পৰিস্থিতি এতিয়াও অব্যাহত আছে। ইফালে, মন্ত্ৰী কলৱাৰৰ বাসগৃহত আক্ৰমণ চলাইছে ৰাইজে। প্ৰথমে প্ৰতিবাদকাৰীয়ে ঠাইখন ভাঙি পেলোৱাৰ পিছত ঘৰটোত জুই লগাই দিয়ে।
যোৱা কিছুদিন ধৰি ব্যাপক প্ৰতিবাদৰ পিছত নেপালত অশান্তিৰ পৰিৱেশে বিৰাজ কৰিছে। পদ ত্যাগ কৰিছে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিকে ধৰি বহু মন্ত্ৰীয়ে । এই ৰাজনৈতিক অশান্তিৰ মাজতে কাঠমাণ্ডুৰ প্ৰতিবাদকাৰীয়ে আৰক্ষী চকীত জুই লগাই দিয়াৰ ঘটনা পোহৰলৈ আহিছে।এই হিংসাত্মক প্ৰতিবাদত এতিয়ালৈকে বহু লোকে প্ৰাণ হেৰুৱাইছে যদিও হিংসাত্মক পৰিস্থিতি এতিয়াও অব্যাহত আছে। ইফালে, মন্ত্ৰী কলৱাৰৰ বাসগৃহত আক্ৰমণ চলাইছে ৰাইজে। প্ৰথমে প্ৰতিবাদকাৰীয়ে ঠাইখন ভাঙি পেলোৱাৰ পিছত ঘৰটোত জুই লগাই দিয়ে। এই ঘটনা সংঘটিত হৈছে ভাৰত-নেপাল সীমান্তৰ সমীপৰ নৱালপাৰাছিত।
এই হিংসা কেৱল কাঠমাণ্ডুতে সীমাবদ্ধ নহয়, নেপালৰ সীমান্তৱৰ্তী অঞ্চলতো বিয়পি পৰিছে। বিশেষকৈ কে পি শৰ্মা অলিৰ পদত্যাগৰ পিছতে বালেন শ্বাহক প্ৰধানমন্ত্ৰী হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। নেপালী সেনাই পতাকা পদযাত্ৰা আৰম্ভ কৰি হিংসাত্মক ঘটনাৰ লগত জড়িতসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। ইফালে এই হিংসাত্মক প্ৰতিবাদৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে ভাৰত-নেপাল সীমান্তত । যাৰ ফলত আৱদ্ধ হৈ পৰিছে বহু লোক। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন…
