India-EU Free Trade Deal: ভাৰত-ইউৰোপীয় ইউনিয়নৰ চুক্তিত ফলত আৰু কি কি সামগ্ৰী সস্তা হ’ব?
ইউৰোপীয় সংঘৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনে এই চুক্তিক “Mother of All Deals” বুলি অভিহিত কৰিছে। এফালে এই চুক্তিয়ে ভাৰতীয় ৰপ্তানিৰ দুৱাৰ মুকলি কৰিব। আনহাতে, ইউৰোপীয় সামগ্ৰীও ঘৰুৱা বজাৰত সস্তা হ’ব বুলি আশা কৰা হৈছে।
১৮ বছৰীয়া অপেক্ষাৰ অন্ত পৰিল। অৱশেষত ভাৰত-ইউৰোপীয় সংঘই মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিলে। ইউৰোপীয় সংঘৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনে এই চুক্তিক “Mother of All Deals” বুলি অভিহিত কৰিছে। এফালে এই চুক্তিয়ে ভাৰতীয় ৰপ্তানিৰ দুৱাৰ মুকলি কৰিব। আনহাতে, ইউৰোপীয় সামগ্ৰীও ঘৰুৱা বজাৰত সস্তা হ’ব বুলি আশা কৰা হৈছে।
আটাইতকৈ ভাল খবৰটো সেইসকল লোকৰ বাবে যিসকলে ভৱিষ্যতে বিলাসী বাহন ক্ৰয় কৰাৰ কথা ভাবিছে। কাৰণ এনে গাড়ীৰ দাম কমি আহিব। এতিয়ালৈকে মাৰ্চিডিজ বেঞ্জ, বিএমডব্লিউ, অ’ডিৰ দৰে গাড়ীৰ আমদানি শুল্ক ১০০ শতাংশতকৈও অধিক। নতুন চুক্তিত ১৫ হাজাৰ ইউৰোৰ ওপৰৰ মূল্যৰ গাড়ীৰ ওপৰত শুল্ক ৪০ শতাংশ হ্ৰাস কৰা হ’ব। যিটো ভৱিষ্যতে ১০ শতাংশলৈ হ্ৰাস পাব। ফলত এনে গাড়ীৰ দাম কেইবা লাখ টকা হ্ৰাস পাব পাৰে। অৱশ্যে ভাৰতীয় অটোমোবাইল উদ্যোগক বচাবলৈও পদক্ষেপ লোৱা হৈছে। ২৫ লাখ টকাৰ তলৰ মূল্যৰ গাড়ী ইউৰোপৰ পৰা আমদানি কৰিব নোৱাৰিব। সেই সকলোবোৰ গাড়ী ভাৰতৰ মাটিত নিৰ্মাণ কৰিব লাগিব।
