শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
২৭ ঘণ্টীয়া ভাৰত ভ্ৰমণকালত কি কি চুক্তি কৰিলে মোদী-পুটিনে?

২৭ ঘণ্টীয়া ভাৰত ভ্ৰমণকালত কি কি চুক্তি কৰিলে মোদী-পুটিনে?

raj-saikia
Raj Saikia | Published: 06 Dec 2025 19:55 PM

২০৩০ চনলৈকে বাণিজ্যিক ৰোডমেপ তৈয়াৰ কৰিছে ভাৰত আৰু ৰাছিয়াই। শুকুৰবাৰে যৌথ সংবাদমেল আৰম্ভ হোৱাৰ পূৰ্বে এই বাৰ্তা প্ৰদান কৰে নতুন দিল্লীয়ে। ২০৩০ চনলৈকে নিজৰ মাজত অৰ্থনৈতিক সমন্বয় বজাই ৰাখিবলৈ ওলাইছে দুয়োটাপক্ষ। এই সময়ছোৱাত নতুন দিল্লী আৰু মস্কোৱে ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ঘণ্টাজোৰা বৈঠক, তাৰ পিছতেই সংবাদ মাধ্যমৰ সন্মুখীন হ’ল দুয়োগৰাকী ৰাষ্ট্ৰ নেতা। হয়, আমি কৈছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বৈঠকৰ কথা। এফালে থিয় হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আনফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। এই দুয়ো নেতাৰ যুটি আজিৰ নহয়, দশক দশক পুৰণি। ঠিক যেনেকৈ ভাৰত-ৰাছিয়াৰ সম্পৰ্কও কেইবা দশক পুৰণি। ভাৰতত প্ৰায় ২৮ ঘন্টা থাকিল পুটিন। কিন্তু এই ২৮ ঘণ্টাত সমীকৰণটো কিমান সলনি হ’ল? কি কি চুক্তি বা স্বাক্ষৰ কৰা হ’ল?

২০৩০ চনলৈকে বাণিজ্যিক ৰোডমেপ তৈয়াৰ কৰিছে ভাৰত আৰু ৰাছিয়াই। শুকুৰবাৰে যৌথ সংবাদমেল আৰম্ভ হোৱাৰ পূৰ্বে এই বাৰ্তা প্ৰদান কৰে নতুন দিল্লীয়ে। ২০৩০ চনলৈকে নিজৰ মাজত অৰ্থনৈতিক সমন্বয় বজাই ৰাখিবলৈ ওলাইছে দুয়োটাপক্ষ। এই সময়ছোৱাত নতুন দিল্লী আৰু মস্কোৱে ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

যৌথ সংবাদমেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ স্পষ্ট বাৰ্তা দিয়ে যে, ‘ৰাছিয়াই বাধা-বিপত্তি পৰিহাৰ কৰি ভাৰতলৈ নিৰবিচ্ছিন্নভাৱে তেল প্ৰেৰণ কৰিবলৈ সাজু।’ এইবাৰ সেই ক্ষেত্ৰত কৰা হৈছে বুজাবুজি। দুয়োখন দেশে একেলগে শক্তি, বিদুৎ আৰু পাৰমাণৱিক খণ্ডৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে।