শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ইলেক্ট্ৰিক স্কুটাৰলৈ বাৰিষাৰ বিপদ! আপুনিও ইলেক্ট্ৰিক স্কুটাৰ চলায় যদি হওক সাৱধান

ইলেক্ট্ৰিক স্কুটাৰলৈ বাৰিষাৰ বিপদ! আপুনিও ইলেক্ট্ৰিক স্কুটাৰ চলায় যদি হওক সাৱধান

Monjit Dutta
Monjit Dutta | Published: 07 Jun 2025 21:34 PM

সম্প্ৰতি গ্ৰাহকৰ মাজত ইলেক্ট্ৰিক স্কুটাৰে সমাদৰ লাভ কৰিছে। পিছে বাৰিষা কালত এই ইলেক্ট্ৰিক স্কুটাৰৰ প্ৰতি বিশেষ যত্ন লোৱাৰ প্ৰয়োজন বুলি বিশেষজ্ঞসকলে মতামত আগবঢ়ায়। এই বিষয়ে জানো আহক।

বৰ্তমান সময়ত বজাৰত ইলেক্ট্ৰিক বাহনৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। চাৰিচকীয়া বাহনৰ লগতে দুচকীয়া ইলেক্ট্ৰিক স্কুটাৰেও এতিয়া গ্ৰাহকৰ মাজত সমাদৰ লাভ কৰিছে। গ্ৰাহকৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বহু বিখ্যাত প্ৰতিষ্ঠানে ইলেক্ট্ৰিক স্কুটাৰৰ বজাৰত প্ৰৱেশ কৰিছে। ওলা বা আথেৰৰ দৰে বজাৰৰ আগশাৰীৰ ষ্টাৰ্ট-আপৰ লগতে এতিয়া টিভিএছ, বাজাজ বা হিৰো মট’ কৰ্পৰ দৰে ভাৰতীয় বাইক কোম্পানীয়েও ইলেক্ট্ৰিক স্কুটাৰ নিৰ্মাণ কৰে।

সাধাৰণতে বাহন বিশেষজ্ঞসকলে বাৰিষা কালত বাহনৰ ক্ষেত্ৰত কিছু বিশেষ যত্নৰ প্ৰয়োজন হয় বুলি ক’ব খোজে। ৰাজ্যত ইতিমধ্যে বাৰিষাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। শেহতীয়া কিছুদিনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বহুকেইখন জিলা বানৰ কবলত পৰিছে। এতিয়াও বহু অঞ্চল বানৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা নাই। বাৰিষা আন বাহনৰ দৰে ইলেক্ট্ৰিক স্কুটাৰৰ ক্ষেত্ৰত অধিক সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰে। চাওঁ আহক এই বিষয়ে…