শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিনৰ মৃত্যুৰ তদন্তত কিদৰে সহায় কৰিব BNSS ৰ ২০৮ ধাৰাই?

জুবিনৰ মৃত্যুৰ তদন্তত কিদৰে সহায় কৰিব BNSS ৰ ২০৮ ধাৰাই?

barasha-misra
Barasha Misra | Published: 18 Nov 2025 19:50 PM

এই ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে তদন্ত আগুৱাই নিয়াৰ বাবে ভাৰতীয় নগৰিক সুৰক্ষা সংহিতাৰ (BNSS) ৰ আইনী ধাৰা সন্নিৱিষ্ট কৰিছে।

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন। মৃত্যুৰ প্ৰায় ৬০ দিনৰ পিছতো প্ৰকৃত মৃত্যুৰ ৰহস্য পোহৰলৈ অহা নাই শিল্পীজনৰ। জুবিনৰ জন্মদিনত তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিশেষ অনুমোদন। এই ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে তদন্ত আগুৱাই নিয়াৰ বাবে ভাৰতীয় নগৰিক সুৰক্ষা সংহিতাৰ (BNSS) ৰ আইনী ধাৰা সন্নিৱিষ্ট কৰিছে।

এতিয়া প্ৰায় শেষ পৰ্যায়ত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। আজি ভাৰতীয় নগৰিক সুৰক্ষা সংহিতাৰ গুৰুত্বপূৰ্ণ ধৰাৰ বিষয়ে কয় SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। তেওঁ কয়, ‘যেতিয়া কোনো ঘটনা বিদেশত ঘটে আৰু তাত যদি ভাৰতীয় নাগৰিক জড়িত থাকে, তেন্তে সেই ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে গোচৰ চলাব লাগে তেতচিয়া ভাৰতীয় ন্যায়িক সংহিতাৰ ২০৮ ধাৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন। আমি আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন পাইছোঁ। এতিয়া গোটেই তদন্ত আগবঢ়াই নিবলৈ অধিক সুবিধাজনক হ’ব।’