কিদৰে কাপুৰুষৰ দৰে যুদ্ধ বিৰতি উলংঘন কৰিছিল পাকিস্তানে?

May 21, 2025 | 4:30 PM

অপাৰেশ্যন সেন্দূৰৰ পাছত পাকিস্তানী সেনাই কেইবাবাৰো ভাৰতত আক্ৰমণৰ চেষ্টা চলাইছিল যদিও বিফল হৈছিল।আনকি যুদ্ধ বিৰতি উলংঘা কৰিছিল দেশখনে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে প্ৰতিশোধমূলক ব্যৱস্থা হিচাপে চলাইছিল অপাৰেশ্যন সেন্দূৰ। ভাৰতৰ এই অভিযানক পাকিস্তান আৰু পি অ’ কেত থকা ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস হৈছিল। এই ঘটনাৰ ফলত প্ৰায় ১০০ ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। তাৰ পাছতে পাকিস্তানী সেনাই ভাৰতৰ ওপৰত আক্ৰমণ কৰিছিল আৰু ভাৰতেও দিছিল প্ৰত্যুত্তৰ। ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনৰ মাজতে ১০ মে’ত দুয়োখন দেশৰ মাজত যুদ্ধ বিৰতি হয়।

এই ঘটনাৰ পাছত দেশ দুখন কিন্তু শান্ত হৈছে যদিও পাকিস্তানে প্ৰথম অৱস্থাত কেইবাবাৰো যুদ্ধ বিৰতি চুক্তি উলংঘন কৰিছিল। ইয়াৰ প্ৰমাণ লাভ কৰিছে ভাৰতীয় সেনাই। ভাৰতত পৰি ৰৈছে পাকিস্তানে ব্যৱহাৰ কৰা বহু অস্ত্ৰ-শস্ত্ৰৰ টুকুৰা। গতিকে ক’ব পাৰি যে, কাপুৰুষৰ দৰে পাকিস্তানে ভংগ কৰিছিল যুদ্ধ বিৰতি।