Ranveer Singh, Bollywood News: কিমান সম্পত্তিৰ মালিক বলীউডৰ অভিনেতা ৰণবীৰ সিং?
যদিও তেওঁৰ ছবিসমূহ ইখনৰ পিছত সিখনকৈ ফ্লপ হৈছে, তথাপিও ৰণবীৰ বলীউডৰ এক ব্ৰেণ্ড হৈ পৰিছে। খবৰ অনুসৰি ছবি এখন চহী কৰাৰ পিছতো ৰণবীৰৰ বেংক একাউণ্টত ৩০ৰ পৰা ৫০ কোটি টকা জমা হয়। কেৱল মাচুলেই নহয়, যিকোনো ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে ৰণবীৰৰ ৩ৰ পৰা ৫ কোটি টকা লয়।
শুকুৰবাৰে মুক্তি পালে ৰণবীৰ সিঙৰ নতুন ছবি ধূৰন্দৰ। এই ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা ৰণবীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। একচন অৱতাৰত দেখা দিছে বলীউডৰ ফেশ্বনেবল হাংকক। মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত এই ছবিখনৰ ফলাফল যথেষ্ট ভাল। সমগ্ৰ দেশতে গোটেই উইকেণ্ডটো হাউচফুল।
যদিও তেওঁৰ ছবিসমূহ ইখনৰ পিছত সিখনকৈ ফ্লপ হৈছে, তথাপিও ৰণবীৰ বলীউডৰ এক ব্ৰেণ্ড হৈ পৰিছে। খবৰ অনুসৰি ছবি এখন চহী কৰাৰ পিছতো ৰণবীৰৰ বেংক একাউণ্টত ৩০ৰ পৰা ৫০ কোটি টকা জমা হয়। কেৱল মাচুলেই নহয়, যিকোনো ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে ৰণবীৰৰ ৩ৰ পৰা ৫ কোটি টকা লয়। কথা ইয়াতেই শেষ নহয়। ছ’চিয়েল মিডিয়াৰ পোষ্টৰ পৰা ৰণবীৰৰ আয় প্ৰায় ৮০ লাখ। ইয়াৰ বাহিৰেও মুম্বাই আৰু দিল্লীত মুঠ ৪টা বিলাসী ঘৰ আছে ৰণবীৰৰ। ৰণবীৰৰ ১৫খন গাড়ী আছে, আৰু সকলোবোৰ বিদেশী গাড়ী। মুঠ হিচাপ অনুসৰি ৰণবীৰ প্ৰায় ৪০০ কোটি টকাৰ সম্পত্তিৰ মালিক।
