Priyanka Chopra-Nick Jonas: কেনেকৈ ৭ বছৰীয়া শিশু নিকে প্ৰেমত পৰিছিল প্ৰিয়ংকাৰ?
নিকে প্ৰথমে প্ৰিয়ংকা চোপ্ৰাক টিভিত দেখিছিল। প্ৰথম দেখাতেই তেওঁৰ প্ৰেমত পৰে। বিয়াৰ ২০ বছৰ আগৰ কথা। প্ৰিয়ংকাই এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে, ২০০০ চনত যেতিয়া তেওঁ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত জয়ী হৈছিল তেতিয়া নিকৰ পৰিয়ালটোও সেই মুহূৰ্তৰ সাক্ষী হৈছিল। অৰ্থাৎ গোটেই পৰিয়ালটোৱে বহি টিভিত অনুষ্ঠানটো চাইছিল। প্ৰিয়ংকাই কয়, ‘মই যেতিয়া ১৮ বছৰ সম্পূৰ্ণ কৰিছিলো তেতিয়াই জয়ী […]
নিকে প্ৰথমে প্ৰিয়ংকা চোপ্ৰাক টিভিত দেখিছিল। প্ৰথম দেখাতেই তেওঁৰ প্ৰেমত পৰে। বিয়াৰ ২০ বছৰ আগৰ কথা। প্ৰিয়ংকাই এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে, ২০০০ চনত যেতিয়া তেওঁ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত জয়ী হৈছিল তেতিয়া নিকৰ পৰিয়ালটোও সেই মুহূৰ্তৰ সাক্ষী হৈছিল। অৰ্থাৎ গোটেই পৰিয়ালটোৱে বহি টিভিত অনুষ্ঠানটো চাইছিল। প্ৰিয়ংকাই কয়, ‘মই যেতিয়া ১৮ বছৰ সম্পূৰ্ণ কৰিছিলো তেতিয়াই জয়ী হৈছিলো। তেতিয়া কি হৈছিল মোৰ তাৰ কোনো ধাৰণা নাছিল। মোৰ শাহু মাই মোক পিছত কয় যে, ‘সেই দিনটো তেওঁৰ স্পষ্টকৈ মনত আছে। সেই সময়ত নিকৰ বয়স আছিল মাত্ৰ ৭ বছৰ। সেইদিনা নিকে শ্ব’ চাবলৈ বহে।’ প্ৰিয়ংকাই সেইদিনা হাঁহি এটা মাৰি বুজাই দিলে যে সম্পৰ্কটো চাগে তেতিয়াৰ পৰাই আৰম্ভ হৈছিল।
প্ৰিয়ংকাৰ কেৰিয়াৰ দীঘলীয়া। জীৱন বাটত একাধিক প্ৰেমৰ সন্মুখীন হৈছে । শেষত প্ৰিয়ংকাই নিকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। সম্প্ৰতি প্ৰিয়ংকা ৰাজামৌলীৰ সৈতে ছবিৰ শ্বুটিঙত ব্যস্ত।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
