‘আন্তঃৰাষ্ট্ৰীয় শিল্পীসকল আহি থাকিলেহে অসম-গুৱাহাটীৰ নাম হ’ব’ মুখ্য়মন্ত্ৰী

Dec 08, 2025 | 4:10 PM

Sakira: অসমত হ'ব ছাকিৰাৰ অনুষ্ঠান! এই সন্দৰ্ভত বিশেষ মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, অসমলৈ ছাকিৰাত আনিবৰ মন। ইয়াৰোপৰি তেওঁ কয় যে, পোষ্ট মেলনৰ অনুষ্ঠান চাবলৈ নাযায়।

গুৱাহাটীলৈ আহি আছে ছাকিৰা! এই সন্দৰ্ভত বিশেষ মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, গুৱাহাটীলৈ ছাকিৰাক আনিবলৈ মন। ‘ৱাকা ৱাকা’ গীত গোৱাবলৈ মন গুৱাহাটীত। ছাকিৰাৰ প্ৰসংগক লৈ প্ৰথমবাৰলৈ মুখ খুলি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে। আৰু কয় যে,গুৱাহাটীক কনচাৰ্টৰ হাব বনোৱাৰ পৰিকল্পনা। আন্তঃৰাষ্ট্ৰীয় শিল্পীসকল আহি থাকিলেহে অসম-গুৱাহাটীৰ নাম হ’ব।

পোষ্ট মেলনৰ শ্বো সন্দৰ্ভত শৰ্মাই কয় যে,  “পাপনেও আমেৰিকাত গান গাবলৈ যায়। প’ষ্ট মেলনক চিনি নাপায়, দেখিয়েই একাংশই বিৰোধিতা কৰি আছে। অসমত পজিটিভ কাম কৰিলে একাংশই বাধা দিবই। মেডিকেল কলেজ, ফ্লাই অভাৰ একো হ’বলৈ নিদিয়ে এই মানুহখিনিয়ে। ২৫ বছৰে মই এই মানুহখিনিৰ লগত যুঁজি আছো। প’ষ্ট মেলনক মই চাবলৈ নায়াও। প’ষ্ট মেলনক চোৱাৰ বয়স এতিয়া মোৰ নাই। ভূপেনদাই নিজেই গাই থৈ গৈছে বল্গাৰ পৰা ভল্গালৈ। অহা বছৰ তিনিখন মিউজিক কনচাৰ্ট হ’ব অসমত। গুৱাহাটী, শিলচৰ আৰু ডিব্ৰুগড়ত। মোক যিমানেই সমালোচনা কৰিব, মই সিমানেই কাম কৰিম”।