শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ন্যায়লয়ৰ ৰায়ৰ বিৰুদ্ধে গৈ আমি উচ্ছেদ কৰিব নোৱাৰোঁ: কাৰ্বিআংলঙৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী

ন্যায়লয়ৰ ৰায়ৰ বিৰুদ্ধে গৈ আমি উচ্ছেদ কৰিব নোৱাৰোঁ: কাৰ্বিআংলঙৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী

barasha-sarma
Barasha Sarma | Published: 23 Dec 2025 13:13 PM

Karbi Anglong: কাৰ্বি আংলঙৰ ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, আদালতৰ ৰায়ৰ বিৰুদ্ধে গৈ উচ্ছেদ কৰিব নোৱাৰো। আশা কৰো বিষয়টো আলোচনাৰ মাজেৰে সমাধান হ'ব।

কাৰ্বি আংলঙৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰা শৰ্মাই কয় যে, “কাৰ্বি আংলঙত বাস কৰা অনা কাৰ্বি বা যিসকল স্থায়ী লোক নহয় তেওঁলোকক নিজৰ মাটিৰ পৰা উচ্ছেদ কৰিব লাগে বুলি বহু দিনৰ দাবী উত্থাপন হৈ আহিছে। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায় দিছে যে এই লোকসকলক এতিয়া উচ্ছেদ কৰিব নোৱাৰে। গতিকে আদালতৰ বিৰুদ্ধে গৈ আমি উচ্ছেদ কৰিব নোৱাৰো। কিন্তু তাৰ পাছতো একাংশই বিচাৰিছে শীঘ্ৰেই উচ্ছেদ হ’ব লাগে”।

শৰ্মাই আৰু কয় যে, আন্দোলনৰ মাজত একাংশৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তেতিয়া তেওঁলোকক জি এম চি এইচলৈ অনা হৈছিল। কিন্তু একাংশই তেওঁলোকক গ্ৰেপ্তাৰ কৰা বুলি বাতৰি প্ৰকাশ কৰে। শৰ্মাই আৰু কয় যে, মই ভাবো বিষয়টো আলোচনাৰ মাজেৰে নিষ্পত্তি কৰিব পাৰিম।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…