বিজেপিত এটা দশক সম্পূৰ্ণ, ৰাজনৈতিক কেৰিয়াৰৰ সোণালী ১০ বছৰ কিদৰে পাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাই?
কংগ্ৰেছত ২২ বছৰীয়া ৰাজনৈতিক যাত্ৰাৰ অন্ত পেলাই বিজেপিত যোগ দি আজি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা এইগৰাকী নেতাৰ উত্থান বহুতৰে বাবে ঈৰ্ষণীয়। কিন্তু বৰ্তমান অসমত শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মাজত অতি জনপ্ৰিয় হিমন্ত বিশ্ব শৰ্মা।
হিমন্ত বিশ্ব শৰ্মা, ৰাজনীতিৰ জগতখনৰ এটি সুপৰিচিত নাম। কেৱল অসমৰ ৰাজনীতিতেই নহয়, বৰ্তমান ৰাষ্ট্ৰীয় ৰাজনীতিৰো এগৰাকী প্ৰাসংগিক নেতা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী। ভাৰতীয় জনতা পাৰ্টীত ১০ বছৰ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
চন ২০১৫, তাৰিখ ২৩ আগষ্ট। অসমৰ ৰাজনীতিৰ এটা খবৰে সেইদিনা দেশজুৰি লাভ কৰিছিল ব্যাপক চৰ্চা। অতি প্ৰতাপী মন্ত্ৰী হিচাপে কংগ্ৰেছৰ মন্ত্ৰীসভাত দপদপাই থকা এগৰাকী নেতাই যোগ দিছিল ভাৰতীয় জনতা পাৰ্টীত। তেওঁ হৈছে হিমন্ত বিশ্ব শৰ্মা।
নিৰ্বাচনী সভাত উদাত্ত ভাষণ, জনতাৰ মাজত অপাৰ জনপ্ৰিয়তাৰে কংগ্ৰেছৰ বিজয় যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ২০১১ চনৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ জোৰতেই অভিলেখ সংখ্যক ৭৮ খন আসন লাভ কৰিছিল কংগ্ৰেছে। কিন্তু তাৰ পাছৰ পৰাই লাহে লাহে কাহিনীবোৰ সলনি হ’বলৈ ধৰে।
২০১৪ চনত লোকসভা নিৰ্বাচন। তাৰ পূৰ্বেই ৰাজনীতিত অভিষেক ঘটিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ। তাৰ লগে লগে তৰুণ গগৈৰ কাষৰ পৰা লাহে লাহে আঁতৰি আহিবলৈ ধৰিলে হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছত আৰম্ভ হ’ল বিসম্বাদ।
পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱাকে ধৰি প্ৰায় ৪০ গৰাকী মন্ত্ৰী-বিধায়কে সংগ দিলে ডঃ শৰ্মাক। তেওঁৰ ফৈদটোক নাম দিয়া হ’ল দাদা বিগ্ৰেড। কিন্তু কংগ্ৰেছ হাইকমাণ্ড বিশেষকৈ ৰাহুল গান্ধীৰ আস্থা জয় কৰিব নোৱাৰিলে তেওঁ। অৱশেষত ২০১৪ চনৰ ২১ জুলাইত মন্ত্ৰী পদৰ পৰা ইস্তফা দিয়ে হিমন্ত বিশ্ব শৰ্মাই। তেতিয়া কেন্দ্ৰত নতুনকৈ ক্ষমতালৈ আহিছিল বিজেপি চৰকাৰ। কংগ্ৰেছত ৰাজনৈতিক জীৱনৰ ২২ বছৰীয়া যাত্ৰাৰ অন্ত পেলাই ২০১৫ চনৰ ২৩ আগষ্টত তেওঁ আনুষ্ঠানিকভাৱে যোগ দিলে বিজেপিত।