GST Decreased, Amul Price: গাখীৰ, আইচক্ৰীমকে ধৰি ৭০০ বিধ সামগ্ৰীৰ দাম হ্ৰাস…
Amul new price: হ্ৰাস পালে গাখীৰ, পনিৰ, আইচক্ৰীমকে ধৰি প্ৰায় ৭০০ বিধ সামগ্ৰীৰ মূল্য। আজিৰে পৰা নতুন জি এছ টি কাৰ্যকৰী হয়। যাৰ পাছত দাম হ্ৰাস পায়।
হ্ৰাস পালে গাখীৰ, পনিৰ, আইচক্ৰীম আদিকে ধৰি প্ৰায় ৭০০ বিধ সামগ্ৰীৰ মূল্য। জি এছ টি শ্লেবৰ পৰিবৰ্তনৰ পাছত আমুলৰ প্ৰডাক্টৰ এই মূল্য হ্ৰাস পাইছে। আজি, ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব নতুন মূল্য। আমুলৰ এই সিদ্ধান্তই এতিয়া বহুতক সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে চৰকাৰে নতুন জি এছ টিৰ শ্লেভ প্ৰকাশ কৰিছিল। যি অনুসৰি আল্ট্ৰা হাই টেম্পাৰেচাৰ গাখীৰক জি এছ টি মুক্ত কৰা হৈছিল। তাৰ পাছতে এতিয়া হ্ৰাস পাইছে বিভিন্ন সামগ্ৰীৰ মূল্য। ইয়াৰ ভিতৰত গাখীৰ, দৈ, পনিৰ, আইচক্ৰীম, ডাৰ্ক চকলেট আদি সকলো আছে। কিছুমান বস্তু সামগ্ৰীৰ মূল্য ১০ টকা পৰ্যন্ত হ্ৰাস পাইছে। এই নতুন দামে এতিয়া জনতাক কিছু পৰিমাণে সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।