শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
৪০ শতাংশ GST বৃদ্ধি! মধ্যবিত্তৰ ওপৰত পৰিব নেকি প্ৰভাৱ?

৪০ শতাংশ GST বৃদ্ধি! মধ্যবিত্তৰ ওপৰত পৰিব নেকি প্ৰভাৱ?

Trishna Kalita
Trishna Kalita | Published: 20 Aug 2025 22:31 PM

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে যোৱা ৬ মাহ ধৰি জি এছ টি তালিকাৰ সংস্কাৰৰ বাবে কাম কৰি আহিছে। দীপাৱলীৰ আশে-পাশে নতুন কৰ গাঁথনি প্ৰৱৰ্তন হ’ব পাৰে বুলি আশা কৰা হৈছে। আৰু ইয়াৰ পিছত বহু সামগ্ৰীৰ দাম কম হ’ব।

দীপাৱলীৰ পূৰ্বে দেশৰ সাধাৰণ জনতাক সকাহ দিবলৈ জি এছ টিৰ আমূল সংস্কাৰৰ বাৰ্তা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে তেওঁ কয় যে, এয়া দেশবাসীৰ বাবে দীপাৱলী উপহাৰ। পূৰ্বতে সৰ্বোচ্চ ২৮ শতাংশ জিএছটি ১৮ শতাংশলৈ হ্ৰাস কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে।

বৰ্তমান জিএছটিৰ ৫টা স্তৰ আৰম্ভ হৈছে। ইয়াৰে ২টা হ্ৰাস কৰিব পাৰে। যিটো হৈছে ২.৫ শতাংশ আৰু ১৮ শতাংশ। কিন্তু চিগাৰেট, পান মছলাৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত ৪০ শতাংশ জি এছ টি আৰোপ কৰিব পাৰে। আনকি সেই ৪০ শতাংশ জি এছ টি অনলাইন গেমিংৰ ওপৰতো আৰোপ কৰিব পাৰে। এই পৰিমাণৰ জি এছ টি অনলাইন গেমিংৰ আয়ৰ ওপৰতো আৰোপ কৰিব পাৰি। এতিয়া ৰাজহ বিভাগে সিদ্ধান্ত ল’ব যে কোনবোৰ সামগ্ৰী এই শ্ৰেণীত থাকিব।