শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Gold Price: সোণৰ মূল্য বৃদ্ধিয়ে গঢ়িছে অভিলেখ ! চিন্তিত মধ্যবিত্ত...

Gold Price: সোণৰ মূল্য বৃদ্ধিয়ে গঢ়িছে অভিলেখ ! চিন্তিত মধ্যবিত্ত…

manas-borah
Manas Borah | Published: 19 Apr 2025 08:44 AM

সোণ-ৰূপৰ অলংকাৰ অবিহনে সম্পূৰ্ণ নহয় অসমীয়া পৰম্পৰাগ বিয়াৰ কইনাৰ জোৰোণ । কিন্তু এই বিয়াৰ বতৰতেই অবিৰতভাৱে বৃদ্ধি পাই আছে সোণ-ৰূপ মূল্য । যিয়ে প্ৰভাৱিত কৰিছে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক ।

বহাগ মানেই বিয়াৰ বতৰ । সোণ-ৰূপৰ অলংকাৰ অবিহনে সম্পূৰ্ণ নহয় অসমীয়া পৰম্পৰাগ বিয়াৰ কইনাৰ জোৰোণ । কিন্তু এই বতৰতেই অবিৰতভাৱে বৃদ্ধি পাই আছে সোণ-ৰূপ মূল্য । যিয়ে প্ৰভাৱিত কৰিছে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক ।

একেদৰে সোণ পৃথিৱীৰ অন্যতম মূল্যৱান ধাতু। মানুহে বিভিন্ন ধৰণে সোণ ব্যৱহাৰ কৰে। বহু দেশৰ চৰকাৰে সোণক মুদ্ৰাস্ফীতিৰে মোকাবিলা কৰিবলৈ শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে।

এপ্ৰিলৰ আৰম্ভণিতে সোণৰ মূল্য অলপ সস্তা হৈ পৰিছিল। সেই সময়তে বিদেশী বিশেষজ্ঞই ভৱিষ্যদ্বাণী কৰা মতে, এই ধাতু এতিয়া হয়তো মধ্যবিত্ত শ্ৰেণীৰ হাতৰ মুঠিত থাকিব পাৰে বুলি ভবা হৈছিল। কিন্তু যোৱা ১০ দিনত ছবিখন সম্পূৰ্ণ সলনি হৈছে।