শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আতংকিত শত্ৰু! আহি আছে ভাৰতৰ 'গাণ্ডীৱ মিছাইল'...

আতংকিত শত্ৰু! আহি আছে ভাৰতৰ ‘গাণ্ডীৱ মিছাইল’…

Barasha Sarma
Barasha Sarma | Published: 09 Jun 2025 18:40 PM

ভাৰতীয় সেনাৰ সূত্ৰৰ খবৰ অনুসৰি, ভাৰতৰ অত্যাধুনিক SFDR (Solid Fuel Ducted Ramjet) প্ৰযুক্তি ভিত্তিক নতুন প্ৰজন্মৰ এয়াৰ টু এয়াৰ মিছাইল হৈছে BVRAAM (Beyond Visual Range Air-to-Air Missile) এই গাণ্ডীৱ।

বিগত মাহত ভাৰত-পাকিস্তানৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছিল। সেই সময়ত পাকিস্তানে ভাৰতলৈ কেইবাটাও মিছাইল নিক্ষেপ কৰিছিল যদিও সুদৰ্শন চক্ৰই দেশবাসীক ৰক্ষা কৰিছিল।  শেহতীয়া এই যুদ্ধৰ পাছত এতিয়া দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আহি পৰিছে। সুদৰ্শন চক্ৰৰ পাছতে এতিয়া ‘গাণ্ডীৱ’ আহি আছে ভাৰতীয় সেনাৰ সাহস হ’বলৈ।

৩৫০ কিলোমিটাৰ ৰেঞ্জৰ ‘গাণ্ডীৱ’ ক্ষেপণাস্ত্ৰৰ এইবাৰ লাইভ ফায়াৰ ট্ৰায়েল হ’ব। ভাৰতীয় প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, আকাশ যুদ্ধত গাণ্ডীৱ নতুন আৰু এক বিশেষ সংযোজন হ’ব।   চীনৰ পি এল-১৭ৰ প্ৰতি সঁহাৰি জনাব পৰা ভাৰতীয় অস্ত্ৰ হৈছে গাণ্ডীৱ বা Mk-III।