ভ্লাডিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ পৰা হুমায়ুন কবিৰক নিলম্বনলৈ, দিনটোৰ শীৰ্ষ খবৰ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে। ৰুছ ৰাষ্ট্ৰপতিগৰাকীক প্ৰধানমন্ত্ৰী মোদীয়ে বিমানন্দৰত আদৰণি জনোৱাৰ পিছত একেখন বাহনতে উঠি চৰ্দাৰ পেটেল মাৰ্গত থকা প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে। ৰুছ ৰাষ্ট্ৰপতিগৰাকীক প্ৰধানমন্ত্ৰী মোদীয়ে বিমানন্দৰত আদৰণি জনোৱাৰ পিছত একেখন বাহনতে উঠি চৰ্দাৰ পেটেল মাৰ্গত থকা প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়। আজি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদী এক নৈশ ভোজত মিলিত হয়। ৫ ডিচেম্বৰ অৰ্থাৎ কাইলৈ দুয়োগৰাকী নেতা আনুষ্ঠানিক বৈঠকত মিলিত হ’ব। এই সময়ছোৱাত দুয়ো নেতাই প্ৰতিৰক্ষাৰ পৰা ব্যৱসায়লৈ কমেও ২৫ খন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।
বহু বিবাদিত বাবৰি মছজিদ পুনৰ নিৰ্মাণৰ হুংকাৰ দি দলৰ পৰা বহিষ্কৃত হৈছে তৃণমূল কংগ্ৰেছৰ এগৰাকী বিধায়ক। ৬ ডিচেম্বৰ অৰ্থাৎ বাবৰি মছজিদ ধ্বংসৰ দিনটোতে মুৰ্ছিদাবাদত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিব বুলি বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক হুমায়ুন কবিৰে। তেওঁৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰাৰ পিছতে দলৰ পৰা বহিষ্কাৰ কৰা হয়।
