Top9: মিঞা বিতৰ্কৰ পৰা চাহ বাগিচাৰ উত্তাল প্ৰতিবাদলৈ…চাওক দিনটোৰ শীৰ্ষ খবৰ

| Edited By:

Jan 29, 2026 | 11:13 PM

পাকিস্তান পন্থী নেতাই পৰিচালনা কৰিছে অসম কংগ্ৰেছক। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কটাক্ষ কৰি এই মন্তব্য অসম বিজেপিৰ। খিলঞ্জীয়া নেতাক কংগ্ৰেছ ত্যাগ কৰাৰো আহ্বান ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ।

১. মিঞাক লৈ বিতৰ্ক ৰাজ্যৰ ৰাজনীতিত। মুখ্য়মন্ত্ৰীয়ে মিঞা সন্দৰ্ভত কৰা মন্তব্যক সমালোচনা কংগ্ৰেছৰ। মুখ্যমন্ত্ৰীৰ ভাষ্যক মূল বিষয়ৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰোৱাৰ কৌশল আখ্য়া কংগ্ৰেছ নেতা পৱন খেৰাৰ।

২. মিঞা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। দেশৰ উচ্চতম ন্যায়ালয়ে অসমৰ বিষয়ে কি কৈছে সেয়া পঢ়ি চোৱা উচিত বুলি মন্তব্য কৰে মুখ্য়মন্ত্ৰীয়ে।

৩. পাকিস্তান পন্থী নেতাই পৰিচালনা কৰিছে অসম কংগ্ৰেছক। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কটাক্ষ কৰি এই মন্তব্য অসম বিজেপিৰ। খিলঞ্জীয়া নেতাক কংগ্ৰেছ ত্যাগ কৰাৰো আহ্বান ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ।

৪. আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কাইলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো ভৱনৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত নৈশ যাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। ৩০ জানুৱাৰীত ডিব্ৰুগড়, ধেমাজি আৰু গুৱাহাটীত আছে গৃহমন্ত্ৰীৰ কাৰ্যসূচী।

৫. আজি গোলাঘাট আৰু টীয়কত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানলৈকে অসমৰ ১০০ টা সমষ্টিত সম্পন্ন হৈছে চেক বিতৰণ কাৰ্যসূচী। কংগ্ৰেছৰ সংগ ত্যাগ কৰিলে বিজেপিৰ কাৰ্যালয়ৰ সমুখত লুৰীণজ্যোতি গগৈৰ ফটো আঁৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

লগতে আছে দেশ-বিদেশৰ বহু গুৰুত্বপূৰ্ণ খবৰ…