শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিৰোধীৰ বৈঠকৰ পৰা দিল্লীৰ বিস্ফোৰণৰ তদন্তলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

বিৰোধীৰ বৈঠকৰ পৰা দিল্লীৰ বিস্ফোৰণৰ তদন্তলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 13 Nov 2025 23:02 PM

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ঐক্যজোঁট গঠনৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা বিৰোধীৰ বৈঠকক তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লুৰীণজ্যোতি গগৈৰ বিয়াৰ কথা-বতৰা পাতিবলৈহে এই বৈঠক আয়োজন কৰা বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে তিনি গগৈ নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বুলিও মন্তব্য কৰে।

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ঐক্যজোঁট গঠনৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা বিৰোধীৰ বৈঠকক তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লুৰীণজ্যোতি গগৈৰ বিয়াৰ কথা-বতৰা পাতিবলৈহে এই বৈঠক আয়োজন কৰা বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে তিনি গগৈ নিৰ্বাচনত জয়ী হ’ব নোৱাৰে বুলিও মন্তব্য কৰে। ইফালে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকী পুনৰ এবাৰ সৰৱ হৈ পৰিছে। গৌৰৱ গগৈয়ে পাকিস্তানক সমালোচনা কৰিব নোৱাৰে বুলি তেওঁ সমালোচনা কৰে।

যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণ তথা ফৰিদাবাদ মডিউলৰ পুঁজিৰ তদন্ত কৰা হ’ব। ইডি আৰু অন্যান্য সংস্থাৰ সৈতে এন আই এয়ে এই তদন্ত চলাব। আজি তদন্তকাৰী সংস্থাৰ মুৰব্বীৰ সৈতে হোৱা আলোচনাৰ পাছতে এই বিষয়ে জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।