শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam News: মোদী-পুটিনৰ বৈঠকৰ পৰা ইণ্ডিগ' বিমানৰ সমস্যালৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: মোদী-পুটিনৰ বৈঠকৰ পৰা ইণ্ডিগ’ বিমানৰ সমস্যালৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 05 Dec 2025 22:54 PM

আজি ৫ ডিচেম্বৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। মোদী-পুটিনৰ বৈঠকৰ পৰা ইণ্ডিগ' বিমানৰ সমস্যালৈ পলকতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

সম্প্ৰতি ভাৰত ভ্ৰমণত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। আজি পুৱা তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে মিলিত হয়। ৰাজভৱনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় তিনিওটা সেনাবাহিনীৰ অভিবাদন গ্ৰহণ কৰে। তাৰ পাছতে ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলিও অৰ্পন কৰে পুটিনে।

আজি হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। ভাৰত-ৰাছিয়াৰ সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰে দুয়োগৰাকী শীৰ্ষ নেতাই। ভাৰতৰ সৈতে স্বাস্থ্য, শিক্ষা, খাদ্য সুৰক্ষা., শ্বিপিং, পৰিবহন, ডাক সেৱা আদি বিভিন্ন বিষয়ত বুজাবুজি চুক্তি কৰে নেতা দুগৰাকীয়ে।

২০২৬ ৰ নিৰ্বাচনত পূৰ্বৰ দৰেই মিত্ৰভাৱে যুঁজ দিব অগপ-বিজেপিয়ে। অহা ১৫ জানুৱাৰীৰ ভিতৰত দুয়োটা দলৰ মাজত আসন ভাগ-বাটোৱাৰাৰ বিষয়টো চূড়ান্ত হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় যে কংগ্ৰেছৰ মানুহেও এইবাৰ নিৰ্বাচনত বিজেপি জয়ী হোৱাটো বিচাৰে।