শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভোগালী বিহুৰ উৰুকাৰ পৰা ফিফা বিশ্বকাপৰ ট্ৰফীৰ আপডেটলৈ... চাওক দিনটোৰ শীৰ্ষ খবৰ

ভোগালী বিহুৰ উৰুকাৰ পৰা ফিফা বিশ্বকাপৰ ট্ৰফীৰ আপডেটলৈ… চাওক দিনটোৰ শীৰ্ষ খবৰ

Barasha Misra
Barasha Misra | Published: 13 Jan 2026 23:05 PM

ভোটাৰ তালিকা সন্দৰ্ভত নিৰ্বাচন আয়োগক বিশেষ আহ্বান সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থাৰ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম সন্নিৱিষ্ট লোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ নিদিবলৈ আয়োগক অনুৰোধ আমছুৰ। তাৰোপৰি এন আৰ চিত নাম বাদ পৰা ভোটাৰৰ নামো আইনী প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত তালিকাত ৰাখিবলৈ অনুৰোধ জনায় সংগঠনটোৱে।

১. আজি ভোগালী বিহুৰ উৰুকা। পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গৈছে ব্যাপক উখল-মাখল পৰিৱেশ। উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাবলৈ সকলোৱেই ব্যস্ত হৈ পৰিছে জা-যোগাৰত। উজান বজাৰ ঘাটৰ লগতে বিভিন্ন বজাৰসমূহ উভৈনদী হৈ পৰিছে মাছেৰে। পৰিয়ালৰ সৈতে ভোগালীৰ আনন্দ উদযাপনত ব্যস্ত হৈ পৰিছে অসমবাসী।

২. ভোগালী উৰুকাৰ দিনাই আহিল এটা দুখৰ খবৰ। অসমৰ সাংস্কৃতিক জগতৰ পৰা খহি পৰিল এটা ভোটা তৰা। প্ৰসিদ্ধ কণ্ঠশিল্পী তথা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাৰ আজি দেহাৱসান ঘটে। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী। আজি পুৱা সকলোকে শোকসাগৰত পেলাই চিৰবিদায় মাগে সমৰ হাজৰিকাই।

৩. ভোটাৰ তালিকা সন্দৰ্ভত নিৰ্বাচন আয়োগক বিশেষ আহ্বান সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থাৰ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম সন্নিৱিষ্ট লোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ নিদিবলৈ আয়োগক অনুৰোধ আমছুৰ। তাৰোপৰি এন আৰ চিত নাম বাদ পৰা ভোটাৰৰ নামো আইনী প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত তালিকাত ৰাখিবলৈ অনুৰোধ জনায় সংগঠনটোৱে।

৪. ভোগালী বিহুৰ প্ৰাক ক্ষণত ৰাজ্যত উদ্ধাৰ বিপুল পৰিমাণৰ নিচাযুক্ত সামগ্ৰী। যোৱা নিশা আৰক্ষীয়ে অভিযান চলায় আমিনগাঁৱত জব্দ কৰে প্ৰায় ১১ কোটি টকা মূল্য়ৰ হেৰইন। দুখন বাহনৰ পৰা ৯৭ টা চাবোনৰ বাকচত জব্দ কৰা হয় হেৰইনখিনি। ঘটনা সংক্ৰান্তত বৰপেটাৰ দুই যুৱকক গ্ৰেপ্তাৰ।

৫. বাংলাদেশৰ হিন্দুসকলৰ সৈতে দৃঢ়তাৰে থিয় দিছে অসমৰ জনতা। মঙলবাৰে বৰাকত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চুবুৰীয়া দেশখনত হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰাৰ বাবে পদক্ষেপ ল’বলৈ ভাৰত চৰকাৰক আহ্বান জনায় ডঃ শৰ্মাই। মুখ্য়মন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণৰ বাবে আজি বৰাকত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।

সবিশেষৰ বাবে চোৱা এই ভিডিঅ’…