শত্ৰুৰ ৰক্ষা নাই! নতুন ৰূপত ভাৰতৰ MiG-29
এই সফলতাৰ পিছত ২০২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত আকাশৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপৰ পৰীক্ষা আৰম্ভ হ’ব। তাৰ পূৰ্বে এই ক্ষেপণাস্ত্ৰৰ গ্ৰাউণ্ড আৰু কেৰেজ ট্ৰায়েল সম্পূৰ্ণ হৈছে। NASM-MR-এ কেৱল ভাৰতৰ অস্ত্ৰভাণ্ডাৰত থকা এটা ক্ষেপণাস্ত্ৰক বুজোৱা নাই, বৰঞ্চ ই মিছাইলৰ এটা পৰিয়ালক বুজায়।
প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ পথত আৰু এখোজ আগুৱাই গৈছে আমাৰ দেশ ভাৰত। কিয়নো ভাৰতীয় নৌসেনাৰ হাতত থকা মিগ-29কে যুদ্ধ বিমানক মধ্যম দূৰত্বৰ এণ্টি-শ্বিপ মিছাইল হিচাপে সফলতাৰে ব্যৱহাৰ কৰিব পৰা যাব এতিয়া। সফলভাৱে তৈয়াৰী হৈছে এই প্ৰযুক্তি। ইণ্টিগ্রেচন পৰীক্ষাই প্ৰমাণ কৰিছে যে বিমানখনৰ সৈতে এই ক্ষেপণাস্ত্ৰৰ যান্ত্ৰিক, বৈদ্যুতিক আৰু চফটৱেৰ ইণ্টিগ্রেচনে সম্পূৰ্ণৰূপে কাম কৰিছে।
এই সফলতাৰ পিছত ২০২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত আকাশৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপৰ পৰীক্ষা আৰম্ভ হ’ব। তাৰ পূৰ্বে এই ক্ষেপণাস্ত্ৰৰ গ্ৰাউণ্ড আৰু কেৰেজ ট্ৰায়েল সম্পূৰ্ণ হৈছে। NASM-MR-এ কেৱল ভাৰতৰ অস্ত্ৰভাণ্ডাৰত থকা এটা ক্ষেপণাস্ত্ৰক বুজোৱা নাই, বৰঞ্চ ই মিছাইলৰ এটা পৰিয়ালক বুজায়। NASM-MR আকাশৰ পৰা নিক্ষেপ কৰা এক ক্ষেপণাস্ত্ৰ, ইয়াৰ ৰেঞ্জ প্ৰায় ২৯০ কিলোমিটাৰ।
Latest Videos
