বেদখলৰ বিৰুদ্ধে ১৬ ডিচেম্বৰত ধিঙত চলিব বৃহৎ উচ্ছেদ অভিযান
ইতিমধ্যে বেদখলকাৰীক চৰকাৰী ভূমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ দাসে। চক্ৰ বিষয়াই জনোৱা মতে, উচ্ছেদ চলিবলগা ঠাইসমূহৰ ভিতৰত আছে- ধিঙৰ সালনাবৰী , ভেৰভেৰী বিল , টুকটুকী , আহোম গাওঁ , কটহগুৰি , ৰৌমাৰী বিল , মৈৰাধ্বজ , মাগুৰমাৰী বিল।
ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান। বেদখলকাৰীক উচ্ছেদ কৰা বাবে কঠোৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। নিতৌ বেদখলীকৃত ভূমিত চলিছে বন বিভাগৰ বুলড’জাৰ। অহা ১৬ ডিচেম্বৰত ধিঙত চলিব বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীলৈ ইতিমধ্যে জাননী জাৰি ধিং ৰাজহ চক্ৰ বিষয়াৰ। চৰকাৰী ভূমি নিজেই খালী নকৰিলে প্ৰশাসনে চলাব বুলড’জাৰ।
ইতিমধ্যে বেদখলকাৰীক চৰকাৰী ভূমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ দাসে। চক্ৰ বিষয়াই জনোৱা মতে, উচ্ছেদ চলিবলগা ঠাইসমূহৰ ভিতৰত আছে- ধিঙৰ সালনাবৰী , ভেৰভেৰী বিল , টুকটুকী , আহোম গাওঁ , কটহগুৰি , ৰৌমাৰী বিল , মৈৰাধ্বজ , মাগুৰমাৰী বিল। উল্লেখ্য যে, ধিঙৰ সালনাবড়ী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা টুকটুকি, আহোম গাঁও, কটহগুৰি, ৰৌমাৰি বিল, মৈৰাধ্বজ হৈ মাগুৰমাৰি বিললৈকে প্ৰাকৃতিক ভাবে পানী চলাচলৰ সূতি আছিল।
