পুনৰ দ্বাৰকাৰ সন্ধান চলিব সাগৰৰ তলিতঃ ক’ত আছে শ্ৰীকৃষ্ণৰ চহৰ?
ক'ত আছে শ্ৰীকৃষ্ণৰ চহৰ? পুৰাণত কোৱা হয়, সমুদ্ৰত বিলীন হৈছিল সেই দেৱভূমি। শ্ৰীকৃষ্ণৰ দ্বাৰকাৰ সন্ধানত আৰৱ সাগৰৰ বুকুত পুনৰ অভিযান চলাব ভাৰতীয় পুৰাতত্ব বিভাগে। গুজৰাটৰ উপকূলীয় অঞ্চলত সমুদ্ৰৰ গভীৰতাত দ্বাৰকাৰ সন্ধানত তৃতীয় পৰ্যায়ৰ অভিযান চলাব পুৰাতত্ব বিভাগৰ লোকে।
ক’ত আছে শ্ৰীকৃষ্ণৰ চহৰ? পুৰাণত কোৱা হয়, সমুদ্ৰত বিলীন হৈছিল সেই দেৱভূমি। শ্ৰীকৃষ্ণৰ দ্বাৰকাৰ সন্ধানত আৰৱ সাগৰৰ বুকুত পুনৰ অভিযান চলাব ভাৰতীয় পুৰাতত্ব বিভাগে। গুজৰাটৰ উপকূলীয় অঞ্চলত সমুদ্ৰৰ গভীৰতাত দ্বাৰকাৰ সন্ধানত তৃতীয় পৰ্যায়ৰ অভিযান চলাব পুৰাতত্ব বিভাগৰ লোকে।
এই অনুসন্ধান কেতিয়া চলোৱা হ’ব, দিন এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। কিন্তু চলিত বৰ্ষৰ ভিতৰতেই এই সন্ধান চলোৱাৰ ইংগিত দিছে পুৰাতত্ব বিভাগে। কেতবোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, অক্টোবৰ বা নৱেম্বৰ মাহৰ ভিতৰত শান্ত হৈ থাকে সমুদ্ৰ। সেই কেইমাহতেই সন্ধান চলোৱাৰ বাবে পুৰাতত্ব বিভাগে উচিত সময় বুলি বিবেচনা কৰিছে।
এই সন্দৰ্ভত পুৰাতত্ব বিভাগৰ এগৰাকী বিষয়া আলোক ত্ৰিপাঠীয়ে কয়, “দ্বাৰকাৰ সন্ধানৰ কাম গৰম দিনত বন্ধ থাকে। এই সময়ত সমুদ্ৰ তলিলৈ যোৱাতো উচিত নহয়। শীতকালত সাগৰ শান্ত হয়। অনুসন্ধানৰ পৰা জৰীপলৈকে যিকোনো কাম তেতিয়া ভালদৰে কৰিব পাৰি।”
যোৱা বছৰ এই দ্বাৰকাত ডুব মাৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৃষ্ণভূমিত স্কুবা ড্ৰাইভিঙৰ অভিজ্ঞতা অৰ্জন কৰিছিল প্ৰধানমন্ত্ৰীয়ে। দেহত গেৰুৱা বসন আৰু এক মুঠা ময়ূৰৰ পাখি লৈ আৰৱ সাগৰত ডুব মাৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। আনকি সাগৰ তলিত পূজা দিয়াও দেখা গৈছিল তেওঁক। পূজাৰ অন্তত ময়ূৰৰ পাখিবোৰ সাগৰ তলিতেই শ্ৰীকৃষ্ণক অৰ্পণ কৰে প্ৰধানমন্ত্ৰীয়ে।