শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Reserve Bank Of India, Bank Note: ৫০০ টকীয়া নোট কিহৰ পৰা প্ৰস্তুত কৰে জানেনে?

Reserve Bank Of India, Bank Note: ৫০০ টকীয়া নোট কিহৰ পৰা প্ৰস্তুত কৰে জানেনে?

Barasha Misra
Barasha Misra | Published: 09 Jul 2025 22:02 PM

আজিৰ সময়ত টকা অবিহনে সকলো মিছা! টকা বুলিলে আমাৰ মনলৈ সাধাৰণতে ১০, ২০, ৫০, ১০০, ২০০ বা ৫০০ টকাৰ নোটসমূহ আহে। যদিও যোৱা কেইবছৰমানৰ পৰা ভাৰতত ডিজিটেল লেনদেন বৃদ্ধি পাইছে, তথাপিও নোটৰ ব্যৱহাৰ কমি যোৱা নাই। কিন্তু এই টকাবোৰ কেনেকৈ প্ৰস্তুত কৰা হয় আপুনি জানেনে?

বহুতে ভাৰতীয় নোটসমূহ কাগজেৰে তৈয়াৰ কৰা বুলি ভাবে। যদিও সেইবোৰ কাগজেৰে প্ৰস্তুত কৰা হয়,কিন্তু ই পৃথক কাগজ। কপাহেৰে নিৰ্মিত এই কাগজ আন যিকোনো কাগজতকৈ বহু বেছি শক্তিশালী। ফলত এই কাগজেৰে তৈয়াৰী নোটবোৰ সহজে ফাটি নাযায়। ইয়াৰ উপৰিও এই নোটত আন বহুতো বৈশিষ্ট্য আছে।

কপাহেৰে নিৰ্মিত এই কাগজখনে বহু মলিও সহ্য কৰিব পাৰে। ইয়াৰ অৱক্ষয়ৰ পৰিমাণো আন কাগজতকৈ বহু কম। কিন্তু কপাহৰ এই ব্যৱহাৰ কেৱল ভাৰততে সীমাবদ্ধ নহয়। আমেৰিকান ডলাৰ তৈয়াৰ কৰাত কপাহ ব্যৱহাৰ কৰা হয়। তথ্য অনুসৰি ৭৫ শতাংশ কপাহ ব্যৱহাৰ কৰি আমেৰিকান ডলাৰ তৈয়াৰ কৰা হয়। বাকী ২৫ শতাংশ লিনেন ব্যৱহাৰ কৰি নোট প্ৰস্তুত কৰা হয়।

সবিশেষ চাওক ভিডিঅ’টোত…