SIR News: ৰাজ্যত চলিছে SIR, আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ জন্মৰ প্ৰমাণ পত্ৰ কেনেকৈ কৰিব লিংক?
দেশত সকলো ক্ষেত্ৰতে ডিজিটেল ৰেকৰ্ডৰ প্ৰয়োজন। কাগজৰ নথি-পত্ৰতকৈ ডিজিটেল নথি-পত্ৰই উপযোগী সুবিধা লাভ কৰিবলৈ অধিক গ্ৰহণযোগ্য। সেইবাবেই দেশৰ কেইবাখনো ৰাজ্যত জন্মৰ প্ৰমাণ পত্ৰৰ সৈতে আধাৰ কাৰ্ড লিংকিং আৰম্ভ কৰা হৈছে। ইয়াৰ লক্ষ্য অতি সহজ। জন্মৰ পৰা সন্তানৰ সকলো ৰেকৰ্ড একে ঠাইতে ৰাখিবলৈ।
আজি পুনৰ আধাৰ কাৰ্ডৰ উপযোগিতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ কোনো স্থান নাই। কাৰণ, বেংক একাউণ্ট খোলাৰ পৰা নতুন চিম কাৰ্ড পোৱালৈকে সকলো ক্ষেত্ৰতে আধাৰ কাৰ্ডৰ দৰে নিৰ্ভৰযোগ্য নথি আৰু নাই। ইফালে ৰাজ্যত চলি আছে SIR। ফলস্বৰূপে নথিখনক লৈ মানুহৰ মনতো কেতবোৰ প্রশ্ন ঘূৰি ফুৰিছে। আপোনাৰ জন্মৰ প্ৰমাণ পত্ৰ আধাৰৰ লগত লিংক আছে নেকি?
দেশত সকলো ক্ষেত্ৰতে ডিজিটেল ৰেকৰ্ডৰ প্ৰয়োজন। কাগজৰ নথি-পত্ৰতকৈ ডিজিটেল নথি-পত্ৰই উপযোগী সুবিধা লাভ কৰিবলৈ অধিক গ্ৰহণযোগ্য। সেইবাবেই দেশৰ কেইবাখনো ৰাজ্যত জন্মৰ প্ৰমাণ পত্ৰৰ সৈতে আধাৰ কাৰ্ড লিংকিং আৰম্ভ কৰা হৈছে। ইয়াৰ লক্ষ্য অতি সহজ। জন্মৰ পৰা সন্তানৰ সকলো ৰেকৰ্ড একে ঠাইতে ৰাখিবলৈ।
ইয়াৰ পূৰ্বে শিশুটিৰ পিতৃ-মাতৃয়ে পৃথকে পৃথকে আৱেদন কৰিবলগীয়া হৈছিল জন্মৰ প্ৰমাণ পত্ৰ আধাৰৰ সৈতে লিংক কৰিবলৈ। বৰ্তমানৰ প্ৰক্ৰিয়াত সেই কামটো পৃথকে পৃথকে কৰিব নালাগে। এতিয়া এই দুই নথিপত্ৰক একেটা প্ৰক্ৰিয়াতে সংযোগ কৰিব পৰা যাব।
